Educationঅসমদৈনিক বাতৰি

ব্যক্তিগত শিক্ষাকেন্দ্ৰ নহয়, চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে লাগিছে হেতা ওপৰা…

নামভৰ্তি পত্ৰ সংগ্ৰহৰ বাবে আঠুঁৱা টানি পদ পথতে অপেক্ষা অভিভাৱকৰ

নামভৰ্তি পত্ৰ সংগ্ৰহৰ বাবে আঠুঁৱা টানি পদ পথতে অপেক্ষা অভিভাৱকৰ।

ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে ৰাজ্যৰ বহু কেইখন চৰকাৰী বিদ্যালয় বন্ধ হ’বলৈ লোৱাৰ সময়তে শিৱসাগৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

বৰ্তমান সময়ত চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই কম হৈ পৰিছে। কিয়নো বহু অভিভাৱকে চৰকাৰী বিদ্যালয় সমূহৰ সলনি ব্যক্তিগত বিদ্যালয়ত সন্তানত পঢ়োৱাত অধিক গুৰুত্ব দিয়ে। কিন্তু শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ত দেখা গ’ল ইয়াৰ ব্যতিক্ৰমী দৃশ্য। ১৮৮২ চনত স্থাপিত এই বিদ্যালয়খনত প্ৰথম শ্ৰেণীত আছে ৬০ খন আসন। তাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক হোৱাৰ বাবে অভিভাৱৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে।

যাৰ ফলত অভিভাৱকসকলে ২১ মাৰ্চৰ পুৱা ১০ বজাত হ’ব লগীয়া নামভৰ্তিৰ পত্ৰ সংগ্ৰহৰ বাবে ৰাতিৰে পৰা পদপথতে আঠুৱা টানি, অথবা ৰিক্সা বা নিজ গাড়ীতেই শুই ৰাতিটো কটাই নামভৰ্তি পত্ৰ সংগ্ৰহৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.