অপৰাধঅসম

ভয়ংকৰ! ৰাজ্যত এচিড আক্ৰমণৰ বলি হ’ল দুগৰাকীকৈ মহিলা

নিশাই ততাতৈয়াকৈ এচিড আক্ৰমণৰ বলি হোৱা দুয়োগৰাকী মহিলাকে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

লখিমপুৰ জিলাৰ ৰঙাজানত এচিড আক্ৰমণৰ বলি হৈছে দুগৰাকীকৈ মহিলা।
ৰেহেনা বেগম আৰু নুৰেদা বেগম নামৰ দুগৰাকী মহিলাক শোৱাপাটীতে এচিডেৰে আক্ৰমণ কৰিলে দুৰ্বৃত্তই। গুৰুতৰভাৱে আহত হৈছে মহিলাদুগৰাকী ।

ৰফিকুল ইছলামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ১০ বছৰ পূৰ্বে ৰেহেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল। কিন্তু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি ৰেহেনাৰ ওপৰত প্ৰায়ে অত্যাচাৰ চলাই আহিছিল ৰফিকুলে।
ঘটনাৰ পাছতে ৰফিকুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে।

নিশাই ততাতৈয়াকৈ এচিড আক্ৰমণৰ বলি হোৱা দুয়োগৰাকী মহিলাকে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু পৰিস্থিতি কিছু গম্ভীৰ হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.