অসমআঞ্চলিক

গৃহিনী সকলৰ বাবে ভাল খবৰ! চেপ্তেম্বৰৰ পৰা ঘৰে ঘৰে লাভ কৰিব গেছ

মন্ত্ৰী অজন্তা নেওগে ৫ আগষ্টত গোলাঘাটত শুভাৰম্ভ কৰা আঁচনিখন গোলাঘাটৰ গেছ কোম্পানী লিমিটেডৰ দ্বাৰা ৰূপায়ন হ’ব চিটি গেছ বিতৰন নেটৱৰ্কৰ

গৃহিনী সকলৰ বাবে এটা ভাল খবৰ!

চেপ্তেম্বৰৰ পৰা ঘৰে ঘৰে অসম গেছ কোম্পানীৰ গেছ লাভ কৰিব গৃহিনীসকলে ।

মন্ত্ৰী অজন্তা নেওগে ৫ আগষ্টত গোলাঘাটত শুভাৰম্ভ কৰা আঁচনিখন গোলাঘাটৰ গেছ কোম্পানী লিমিটেডৰ দ্বাৰা ৰূপায়ন হ’ব চিটি গেছ বিতৰন নেটৱৰ্কৰ ৷ ১৮ বছৰৰ অন্তত এতিয়া গোলাঘাটবাসীয়ে পাব ঘৰে ঘৰে গেছ যোগানৰ ব্যৱস্থা ৷ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব গেছ যোগানৰ ব্যৱস্থা। গোলাঘাটৰ গৃহিনী সকলে আদৰণি জনাইছে এই পদক্ষেপক ৷

অসম গেছ কোম্পানীৰ মহাপ্ৰবন্ধক মনোজ বৰুৱাই জনোৱা মতে গোলাঘাটৰ ১৩ টা ৱাৰ্ডত প্ৰায় দহ হাজাৰ গৃহস্থক গেছৰ সংযোগ দিয়া হ’ব । ৫০০ টকাতে গেছৰ সংযোগ লাভ কৰিব লোকসকলে ৷ সুলভ মূল্যত গেছ লাভ কৰিব উপভোক্তাসকলে ৷

আনহাতে বৰ্তমান ৰন্ধনগেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ সময়তে সুলভ মূল্যত গেছ লাভ কৰাৰ খবৰে আনন্দিত কৰিছে গৃহিনী সকলক ৷ গোলাঘাটৰ গৃহিনীয়ে ব্যক্ত কৰিলে মনৰ অনুভৱ ৷ আনহাতে দীৰ্ঘদিন ধৰি গোলাঘাটত ৰন্ধনগেছ যোগান ধৰি অহা শৰ্মা গেছ এজেঞ্চিৰ স্বতাধিকাৰী অৰূপ কুমাৰ শৰ্মায়ে জানিবলৈ দিয়ে যে গোলাঘাটত ৰূপায়ণ হোৱা অসম গেছ কোম্পানীৰ এই আঁচনিয়ে তেওঁলোকক কোনো ক্ষতি নকৰে ৷ বৰঞ্চ কিছু গ্ৰাহক লাভ কৰিব বুলিহে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.