অসমআঞ্চলিক

বেংকৰ চাকৰি এৰি পদপথত চাহ বিক্ৰী কৰিলে এগৰাকী স্নাতকোত্তৰ যুৱতীয়ে!

মন কৰিলেই যে সকলো সম্ভৱ তাৰ এক জীয়া ছবি প্ৰতিপন্ন কৰিলে ওদালগুৰিৰ নিহাৰিকা ওজাই

বেংকৰ চাকৰি এৰি পদপথত চাহ বিক্ৰী কৰিলে এগৰাকী স্নাতকোত্তৰ যুৱতীয়ে!

মন কৰিলেই যে সকলো সম্ভৱ তাৰ এক জীয়া ছবি প্ৰতিপন্ন কৰিলে ওদালগুৰিৰ নিহাৰিকা ওজাই। অভিনৱ চিন্তাৰে আগবাঢ়ি যোৱা নিহাৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি প্ৰথমে টংলা প্ৰেচিডেন্সী জুনিয়ৰ কলেজত Logic and philosophy বিষয় প্ৰবক্তা হিচাপে আৰু তাৰ পিছতে টংলা এক্সিছ বেংকত কৰ্মৰত আছিল।

কিন্তু মনে জোখা আত্মসন্তুষ্টি নাপায় নিহাৰিকাই চাকৰি এৰি এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে টংলাৰ পদপথত ৰোমন্থন নামৰ এখন সৰু চাহৰ দোকান দি আৰম্ভ কৰিছিল ব্যৱসায়। খুব কম সময়ৰ ভিতৰতে গ্ৰাহকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা নিহাৰিকাই এতিয়া দৈনিক তিনিৰ পৰা চাৰিহাজাৰ টকা বিক্ৰী কৰে। গ্ৰাহকৰ ভিৰত আজৰি নাপায় নিহাৰিকাই। দোকানত চাহ, ম’ম, পিজ্জা, বাৰ্গাৰৰ লগতে উপলব্ধ পীঠা-পনা।

যি সময়ত লাখ লাখ শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে তেনে সময়তে পদপথত এক ক্ষুদ্ৰ ব্যৱসায়ৰে আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰা নিহাৰিকা ওজা এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.