খেল

পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই! ডাইমণ্ড লীগ চেম্পিয়ন অলিম্পিকত আঁজুৰি আনিলে স্বৰ্ণ পদক

জুৰিখত অনুষ্ঠিত ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে নীৰজে

আন এক ইতিহাস গঢ়িলে নীৰজ চোপ্ৰাই, ডায়মণ্ড লীগ চেম্পিয়ন অলিম্পিকত স্বৰ্ণ পদক লাভ নীৰজৰ

পুনৰ আন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই। জুৰিখত অনুষ্ঠিত ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে নীৰজে। ডাইমণ্ড লীগত ট্ৰফী আঁজুৰি আনিবলৈ সক্ষম হৈছে নীৰজ৷ ডাইমণ্ড লীগত ট্ৰফী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হ’ল নীৰজ চোপ্ৰা। নীৰজে দ্বিতীয়টো প্ৰচেষ্টাতে ৮৮.৪৪ মিটাৰ থ্ৰো কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

টকিঅ’ অলিম্পিকত স্বৰ্ণজয়, বিশ্ব এথলেটিকছত ৰূপৰ পদক জয়ৰ পিছত এইবাৰ ডায়মণ্ড লীগতো চেম্পিয়নৰ খিতাপ দখল কৰে নীৰজে। নীৰজে চেক গণৰাজ্যৰ জাকুব ভাল্ডজ আৰু জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰি চেম্পিয়ন হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.