আন্তঃৰাষ্ট্ৰীয়চিকিৎসাবিশ্বভাৰতস্বাস্থ্য

Tomato Flu ৰ পৰা আপোনাৰ সন্তানটিক বচাবলৈ মানি চলক এইকেইটা সাৱধানতা!

Tomato Flu ৰ পৰা আপোনাৰ সন্তানটিক ৰক্ষা কৰিবলৈ কি কি সাৱধানতা অবলম্বন কৰিব?

 

দেশত দ্ৰুতগতিত বাঢ়িবলৈ লৈছে Tomato Flu। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ আক্ৰান্ত হোৱা দেখা গৈছে। এতিয়ালৈকে ৮২ কৈয়ো অধিক শিশু আক্ৰান্ত হৈছে Tomato Flu ত। ইতিমধ্যে এই বেমাৰৰ বিৰুদ্ধে হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে। যাৰ ফলত শিশুসকলক লৈ অধিক চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ সকল।

 

Tomato Flu ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ফলত শৰীৰত ডাঙৰ ডাঙৰ ৰঙা টেমুনাৰ সৃষ্টি হয়। যি দেখিবলৈ পকা বিলাহীটোৰ পৰা। যদিও Tomato Flu মাৰাত্মক নহয় তথাপিও ইয়াৰ ফলত শৰীৰত দেখা দিয়ে আন কিছুমান লক্ষণে।

 

Tomato Flu ৰ ফলত শৰীৰ দুৰ্বল হৈ পৰাৰ লগতে মূৰ ঘূৰণি, বমি, জ্বৰ, ফোঁহা হোৱাৰ উপৰিও শৰীৰত অত্যন্ত বিষ হৈছে।
আপোনাৰ সন্তানটিক এই বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ কি কি সাৱধানতা অবলম্বন কৰিব। এইক্ষেত্ৰত কেন্দ্ৰই জাৰী কৰিছে কেতবোৰ সতৰ্কবাণী।

 

Tomato Flu ৰ পৰা আপোনাৰ সন্তানটিক বচাবলৈ মানি চলক নিম্নলিখিত এইকেইটা সাৱধানীয়তা। পোনপ্ৰথমে নিজৰ সন্তান সকলক Tomato Flu কি আৰু ইয়াৰ লক্ষণসমূহৰ বিষয়ে অৱগত কৰক। Tomato Flu ৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ পৰা নিজৰ সন্তানক দূৰত ৰাখক। শিক্ষানুষ্ঠানসমূহতো মানি চলক সামাজিক দূৰত্ব। মাক্স ব্যৱহাৰ কৰক, চাৰিওফালৰ পৰিৱেশ চাফাকৈ ৰাখক, গৰম পানীৰ ব্যৱহাৰ কৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − three =

Back to top button