অসমৰাজনৈতিক

“বেলেগ মানুহ হোৱা হ’লে ছুইছাইডেই কৰিলে হয়, মই সাহসেৰে আছো”- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণাত্মক ৰূপত দেখা গ'ল

বুধবাৰে অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণাত্মক ৰূপত দেখা গ’ল। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে অসমৰ সংবাদ মাধ্যমৰ প্ৰসংগত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অসমৰ মিডিয়াই মোক বহু অত্যাচাৰ কৰিলে৷ মোক হত্যাকাৰীও সজালে৷ বেলেগ মানুহ হোৱা হ’লে ছুইছাইডেই কৰিলে হয়। মই সাহসেৰে আছো৷ অসমৰ মিডিয়াই কোভিডৰ সময়ত বিজ্ঞাপন পোৱা নাই৷ সেয়েহে মই পীয়ুষক কৈছে মিডিয়াক বিজ্ঞাপন দিবলৈ৷ বেলেগকৈতো আমি সহায় কৰিব নোৱাৰো৷ মিডিয়াক সহায় কৰাৰ বাবে আপোনালোকে বেয়া পাব নালাগে৷’

তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক বহুকেইটা বিষয়ত উচিত প্ৰত্যুত্তৰ দিয়ে।
বিধায়ক অখিল গগৈকো উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়,’সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম কি পিছুৱাই থাকিব৷ দুখীয়া হৈ থাকিব৷ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে ঋণ লৈ যাম। আৰু পিছৰ মুখ্যমন্ত্ৰীসকলকো ঋণ ল’বলৈ কম।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.