অসমআঞ্চলিক

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা

ন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত হ'ব ৰাজ্যৰ আকাশ-বতাহ

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ।

পুৰোহিতৰ মুখত ধ্বনিত হোৱা প্ৰণাম মন্ত্ৰ ‘ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।’ৰে ধন-ঐশ্বৰ্যৰ দেৱীৰ পৰা আশীষ বিচাৰিব ভক্তসকলে।

পূৰ্ণিমাৰ সময়চোৱাত ভক্তসকলে দেৱীলৈ ষোড়শোপচাৰে আগবঢ়াব পূজা-অৰ্চনা। ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমগল, দুখ-অশান্তি দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে উপচি পৰে ভক্তিৰ জীৱন। বৰ্তমান লক্ষ্মীপূজাক লৈ ৰাজ্যজুৰি উছাহৰ ঢল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.