ৰাজনৈতিক

পাচলি বজাৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

চেন্নাইৰ মাইলাপুৰত অৱস্থিত বজাৰখন পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গৈ চেন্নাইৰ এখন বজাৰত উপস্থিত হয়। চেন্নাইৰ মাইলাপুৰত অৱস্থিত বজাৰখন পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মাইলাপুৰ বজাৰৰ পাচলি বজাৰত উপস্থিত হৈ স্থানীয় বিক্ৰেতা আৰু স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মন্ত্ৰী সীতাৰমণক পাচলি বজাৰত নিজেই পছন্দ কৰি পাচলি ক্ৰয় কৰা দেখা গ’ল। দেখা গৈছে যে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে পাচলিৰ দোকানৰ পৰা নিজেই পছন্দ কৰি নিজ হাতেৰে আলু পাচিত তুলি দিছে। তেওঁ স্থানীয় বিক্ৰেতাৰ সৈতে কিছু সময় আলাপো কৰা দেখা গৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত আৰু সাধাৰণ ক্ৰেতাৰ দৰে আচৰণেৰে বজাৰ কৰা কাৰ্য্যই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে চেন্নাইৰ মাইলাপুৰ বজাৰৰ ক্ৰেতা-বিক্ৰেতা তথা স্থানীয় লোকসকলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.