অপৰাধঅসমঅসম আৰক্ষী

জন্মদাত্ৰী মাতৃক প্ৰাণে মৰাৰ চেষ্টা পুত্ৰৰ, সংকটজনক অৱস্থাত মাতৃ…

শিৱসাগৰত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে সবিতা চাহুক প্ৰেৰণ কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়লৈ

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে শিৱসাগৰ। শিৱসাগৰত দানৱৰূপী পুত্ৰৰ অমানৱীয় কাণ্ড। নিজ মাতৃক জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা পুত্ৰৰ। শুকুৰবাৰে পুৱা গোহাঁই গাঁৱৰ টেপৰ তলত সংঘটিত এই ঘটনা।

সন্তোষ চাহু নামৰ লম্পটটোৱে মাতৃ সবিতা চাহুক জীৱন্তে জ্বলাই দি হত্যা কৰাৰ চেষ্টা চলায়। অগ্নিদগ্ধ মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত। শিৱসাগৰত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে সবিতা চাহুক প্ৰেৰণ কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়লৈ।

ইতিমধ্যে, পাষাণ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে। লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.