ধৰ্মীয়ভাৰত

কনভয়ত আক্ৰমণৰ পিছতেই সাংসদ আছাদুদ্দিন অ’ৱেইছীলৈ ‘Z’ কেটেগৰীৰ নিৰাপত্তা

দুৰ্বৃত্তৰ ভয়াৱহ আক্ৰমণৰ পিছতেই সাংসদগৰাকীক অধিক নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লয় চৰকাৰে। তাৰপিছতে CRPFৰ জৰিয়তে নিৰাপত্তা প্ৰদান কৰা হয় অ'ৱেইছীক।

সাংসদ আৰু All India Majlis-e-Ittehadul Muslimeen(AIMIM) প্ৰধান আছাদুদ্দিন অ’ৱেইচীলৈ ‘Z’ চিকিউৰিটী। উত্তৰ প্ৰদেশৰ মীৰাটত নিৰ্বাচনী প্ৰচাৰ চলাই দিল্লীলৈ উভতি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা আছাদুদ্দিনৰ কনভয়লৈ গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই।

দুৰ্বৃত্তৰ ভয়াৱহ আক্ৰমণৰ পিছতেই সাংসদগৰাকীক অধিক নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লয় চৰকাৰে। তাৰপিছতে CRPFৰ জৰিয়তে নিৰাপত্তা প্ৰদান কৰা হয় অ’ৱেইছীক।

ইতিমধ্যে বৃহস্পতিবাৰৰ নিশা সংঘটিত হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক। এজন অভিযুক্ত হৈছে নয়দাৰ শচীন, যিয়ে ইয়াৰ পূৰ্বেও অ’ৱেইছীক হত্যা কৰাৰ চেষ্টা চলাইছিল। আনহাতে, আনজন অভিযুক্ত হৈছে চহৰনপুৰৰ এজন খেতিয়ক, যাৰ নাম- শুভম।

আৰক্ষীৰ জেৰাত দুই অভিযুক্তই কোৱা কথা অনুসৰি অ’ৱেইছীৰ মন্তব্যক লৈ অসন্তুষ্ট দুয়ো। আৰক্ষীয়ে দুয়োজনৰে পৰা ইতিমধ্যে উদ্ধাৰ কৰিছে স্বদেশতে নিৰ্মিত দুটা পিষ্টল। পৰৱৰ্তী সময়ত দুয়োকে আদালতত হাজিৰ কৰোৱা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Check Also
Close
Back to top button