অসমআঞ্চলিক

আৰক্ষীক জোলোকা জোলোকে পানী খুৱাই অৱশেষত গ্ৰেপ্তাৰ পানীৰাম

চেই কম বয়সীয়া চালকক নাও পৰিচালনা কৰিবলৈ দিয়াৰ পৰিণতিতেই সংঘটিত হৈছিল নিমাতীগাটৰ ফেৰী দুৰ্ঘটনা

নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনা এক অভিশাপ। যোৰহাটৰ নিমাতীঘাটত ভৰালুইতৰ বুকুত ‘টিপকাই’ নামৰ জাহাজ আৰু ‘মা কমলা’ নামৰ নাৱৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে বহুকেইজন নিমাখিতে।

নাও কৰ্মচাৰীৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে পৰিমিতা দাস, ইন্দ্ৰেশ্বৰ বৰাৰ দৰে দুৰ্ভগীয়া লোকে। কিন্তু নাও কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড। নিচেই কম বয়সীয়া চালকক নাও পৰিচালনা কৰিবলৈ দিয়াৰ পৰিণতিতেই হৈছিল এই ঘটনা।

ঘটনাৰ দিন ধৰি পলাই আছিল ‘মা কমলা’ ফেৰীৰ মালিক পানীৰাম কলিতা। সোমবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পানীৰাম কলিতাক। নিমাতীঘাটত দীৰ্ঘদিন ধৰি ছিণ্ডিকেটৰাজ চলাই আহিছিল এইজন ব্যক্তিয়ে। IPC/304ৰ অধীনত পানীৰামৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.