অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

কিমান ভয়ংকৰ হ’ব পাৰে সম্পত্তিৰ লালসা

ধন–সম্পত্তিৰ লালসাই কিমান ভয়ংকৰ ৰূপ ল’ব পাৰে, তাৰ প্ৰমাণ গুৱাহাটীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ ঘটনা

ধন–সম্পত্তিৰ লালসাই কিমান ভয়ংকৰ ৰূপ ল’ব পাৰে, তাৰ প্ৰমাণ গুৱাহাটীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ ঘটনা (Guwahati Murder)। বন্দনা কলিতা নামৰ এগৰাকী মহিলাই অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি হত্যা কৰিলে স্বামী আৰু শাহুৱেকক। হত্যাৰ পিছত মৃতদেহ কাটি টুকুৰা–টুকুৰ কৰি তিনিদিন ধৰি ফ্ৰীজত সুমুৱাই ৰাখিলে মৃতদেহ। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

কিয় এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে বন্দনাই?

সূত্ৰ অনুসৰি, ৭ মাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। মহানগৰীৰ নাৰেংগীৰ বাসিন্দা অমৰজ্যোতি দে’ৰ সৈতে কেইবছৰমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বন্দনা কলিতা। বিয়াৰ কিছুদিনলৈ দুয়োৰে সম্পৰ্ক ঠিকেই চলিছিল। কিন্তু উচ্চাকাংক্ষী আৰু অত্যন্ত লুভীয়া বন্দনাৰ ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। এই কথা স্বামীয়ে জনাৰ পিছত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল।

অমৰজ্যোতিৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চানমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল। তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বাস কৰিছিল। আন চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰিছিল অমৰজ্যোতিৰ মোমায়েকে। যাক লৈ ক্ষুণ্ণ হৈছিল বন্দনা। আৰু পৰৱৰ্তী সময়ত অমৰজ্যোতিৰ সৈতে বন্দনাৰ বিবাহ বিচ্ছেদৰ প্ৰস্তুতিও চলিছিল। কিন্তু ৭ মাহ পূৰ্বে বন্দনাই স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল নুনমাটি থানাত।

বন্দনাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত। কিন্তু ইয়াৰ মাজতে বন্দনা কলিতাই আন এখন এজাহাৰ দাখিল কৰে। এজাহাৰত শাহুৱেকৰ একাউণ্টৰ ধন অমৰজ্যোতিৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু আৰক্ষীয়ে তদন্ত কৰি ইয়াৰে এটা একাউণ্টৰ পৰা বন্দনাই ৫ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে। তাৰ পিছতে বন্দনাৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজে। ইয়াৰ পিছত ১৭ ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে। আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰাৰ ঘটনা স্বীকাৰ কৰে।

কেনেকৈ সংঘটিত কৰিলে এই ঘটনা?

আৰক্ষীৰ জেৰাত বন্দনাই স্বীকাৰ কৰে সমগ্ৰ ঘটনা। সূত্ৰৰ পৰা জানিব পৰা মতে, আৰক্ষীৰ আগত বন্দনাই চানমাৰিৰ অট্টালিকাত অৰূপ দাস নামৰ যুৱকজনৰ সহযোগত শাহুৱেক শংকৰী দে’ক মুখত খোপা দি হত্যা কৰিছিল আৰু মৃতদেহটো টুকুৰা–টুকুৰকৈ কাটি ফ্ৰীজত তিনিদিন ভৰাই ৰাখিছিল। তাৰ তিনিদিন পিছত বন্দনাই নাৰেংগীৰ নিজৰ বাসভৱনত অবৈধ প্ৰেমিক ধনজিৎ ডেকাৰ সহযোগত ডিঙি চেপি হত্যা কৰিছিল স্বামী অমৰজ্যোতিক। হত্যা কৰি স্বামীৰ মৃতদেহ এটা পলিথিনত ভৰাই থয়।

মেঘালয়ত পেলাই দিলে মৃতদেহ

এই লোমহৰ্ষক হত্যাকাণ্ডৰ পিছত দুয়োটা মৃতদেহ ধনজিৎ ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়। ডাউকীত তিনি হত্যাকাৰীয়ে মিলি মৃতদেহৰ টুকুৰা পথৰ দাঁতিৰ খাৱৈত পেলাই দিয়ে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ধনজিৎ ডেকাক তিনিচুকীয়াৰ পৰা আৰু ধনজিতৰ বন্ধু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে। আজি পুৱা তিনি হত্যাকাৰীক লৈ মেঘালয়লৈ ৰাওনা হয় আৰক্ষীৰ এটা দল। দুয়োটা মৃতদেহৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.