AssamInternationalleatest updateSocialঅসমদৈনিক বাতৰি

শুদ্ধতা, সাধনা আৰু শক্তিৰ মহামিলন ‘অম্বুবাচী মহাযোগ’

প্ৰাচীন শক্তি পীঠ কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ’ব ‘অম্বুবাচী মহাযোগ’। যাক এতিয়ালৈকে ‘অম্বুবাচী মেলা’ বুলি জনা গৈছিল। এইবাৰ চৰকাৰীভাৱে ঘোষণা কৰা অনুসৰি, ‘মেলা’ শব্দৰ সলনি ‘মহাযোগ’ শব্দৰ ব্যৱহাৰ কৰা হ’ব। পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত কৰা এক সংবাদমেলত এই নতুন নামকৰণৰ কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “দলৈ সমাজ আৰু ধৰ্মগুৰুসকলৰ আৱেদনৰ ভিত্তিত এই নাম সলনি কৰা হৈছে, ধৰ্মীয় গম্ভীৰতা আৰু আধ্যাত্মিক অনুভূতিক অধিক মৰ্যাদা দিয়া হৈছে।”

এইবাৰ ২২ জুনৰ পৰা আৰম্ভ হ’ব হবলগীয়া এই মহাযোগ , ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচী প্ৰবৃত্তি ঘটিব আৰু ২৬ জুনত নিশা ৩.০০ বজাত নিবৃত্তি ঘটিব। এই সময়ছোৱাত কামাখ্যা মন্দিৰৰ মুখ্যদ্বাৰ বন্ধ থাকিব আৰু ২৬ জুনত পুনৰ খুলি দিয়া হ’ব। সেই সময়ছোৱাত সাধাৰণ ভক্ত, সাধু-সন্ত, আৰু দেশ-বিদেশৰ পৰ্যটকসকলৰ আগমনলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ।

এই মহাযোগ ৪.৫৩ কোটি টকা ব্যয়ৰে কৰা হব , ২৪টা বিভাগৰ তৎপৰতা আৰম্ভ হৈছে । পৰ্যটন, স্বাস্থ্য, বিদ্যুৎ, পানী যোগান, আৰক্ষী, ট্ৰেফিক, বাছ পৰিবহন আদিকে ধৰি মুঠ ২৪টা বিভাগ ইতিমধ্যে কামাখ্যাৰ বাবে একেলগ হৈ আলোচনা কৰিছে। ভক্তসকলৰ বাবে বিশেষ বিশ্ৰাম শিবিৰ, মোবাইল চিকিৎসা গাড়ী, পানীৰ টেংক, আৰু চলন্ত শৌচালয়ৰ ব্যৱস্থাও কৰা হৈছে। বিশেষকৈ মহিলা ভক্ত আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে অধিক সুবিধা যোগান ধৰাৰ কথা উল্লেখ কৰিছে পৰ্যটন বিভাগে ।

এইবাৰ অম্বুবাচী সময়চোৱাত VIP আৰু VVIPসকলৰ বাবে নাথাকিব নিৰ্দিষ্ট সুবিধা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে — “শক্তি পীঠত সকলো ভক্ত সমান। সেইবাবেই এইবাৰ এক ধৰ্মীয় সমতা আনি, সকলোৰে বাবে একে ব্যৱস্থা থাকিব।” ‘মেলা’ শব্দটোৱে এক ধৰণৰ বাণিজ্যিকতা আৰু চেলামেলি প্ৰচাৰ বহন কৰে বুলি বহুজনৰ মত। ‘মহাযোগ’ শব্দটোৱে ইয়াক অধিক আধ্যাত্মিক আৰু শুদ্ধ বোধেৰে দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰিছে দলৈ সমাজ, সাধুসন্ত আৰু ধৰ্মীয় সংগঠনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.