AssamInternationalleatest updateSocialঅসমদৈনিক বাতৰি

পুনৰ শিলসাঁকোত প্ৰশাসনৰ উচ্ছেদ

আজিৰে পৰা গুৱাহাটীৰ শিলসাঁকো অঞ্চলত পুনৰ আৰম্ভ হ’ল উচ্ছেদ অভিযান। ৰাজ্য চৰকাৰে জলাধাৰ নিৰ্মাণৰ পৰিকল্পনাৰ অংশস্বৰূপে এই অভিযান। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই উচ্ছেদ কাৰ্যসূচী। প্ৰশাসনৰ তথ্য অনুসৰি, শিলসাঁকোৰ প্ৰায় ৮০০ বিঘা মাটি মুকলি কৰাৰ লক্ষ্য লৈ এই অভিযান চলোৱা হৈছে। জলাধাৰ গঢ়ি তুলাৰ জৰিয়তে এই অঞ্চলত জলবন্দী সমস্যা সমাধান আৰু পৰ্যটনৰ সম্ভাৱনা উন্নয়ন কৰাৰ চিন্তা কৰিছে ৰাজ্য চৰকাৰে।

আজিৰ অভিযানত সমবায় পৰিচালিত কিছু প্ৰতিষ্ঠানৰ, লগতে ICM (Institute of Co-operative Management) ভাঙি স্থানান্তৰ কৰা হ’ব ৰিহাবাৰীলৈ। সমবায়ৰ ক্ষেত্ৰত ইয়াক এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে ধৰা হৈছে, যদিও স্থানীয় বহু লোকে তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰিছে। অন্যফালে, বৰবাৰীস্থিত টেনিচ ক’ৰ্টো ভাঙি পেলোৱা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে, আগন্তুক দিনত জিনজাৰো স্থানান্তৰ সম্ভাৱনা আছে।

এই উচ্ছেদ অভিযানে বহু পৰিয়ালক স্থানচ্যুত কৰিছে। যদিও চৰকাৰে পূৰ্ণ পূৰ্বক ক্ষতিপূৰণৰ আশ্বাস দিছে, তথাপিও স্থানীয় ৰাইজৰ মাজত এক আতংক আৰু অস্থিৰতাই দেখা দিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.