অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

সংহাৰী বানৰ পাছতে তামুলপুৰত খহনীয়াৰ তাণ্ডৱ, পাগলাদিয়া নৈৰ মথাউৰি ভঙাৰ ফলত তামুলপুৰ-মুছলপুৰ সংযোগী পথৰ ৰাইজে ভুগিব লগা হৈছে নানা সমস্যাত

বাক্সাৰ তামুলপুৰ-মুছলপুৰ সংযোগী পথ আৰু দলং বানে চিঙি নিয়াৰ ফলত যাতায়তৰ নামত দুৰ্ভোগ ভুগিব লগা হৈছে পথটোৰে অহা যোৱা কৰা ৰাইজে।

পাগলাদিয়া নৈৰ মথাউৰি ভঙাৰ ফলত চিঙি পেলাইছিল নৱ নিৰ্মিত তামুলপুৰ-মুছলপুৰ সংযোগী পথটোৰ গলবিলৰ এটি অংশ।

পথটোৰ প্ৰায় ১ কি:মি: দৈৰ্ঘ চিঙি যোৱাত ব্যাহত হৈছে পথটোৰে যাতায়ত।

আনকি পাগলাদিয়া নৈৰ প্ৰৱল বানত ভাঙি যায় পথটোৰ মাজত থকা কংক্ৰিট দলং এখনো।

লৰা-ছোৱালীক স্কুললৈ নিয়া ,বজাৰ-সমাৰ কৰাৰ ক্ষেত্ৰটো দেখা দিছে নানা সমস্যাই।

পথটো নিৰ্মাণ কৰাত গাফিলতি হোৱাৰ বাবেও ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে স্থানীয়ই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.