স্বাস্থ্য

মানসিকভাৱে সুখী কেনেকৈ হ’ব?

মানসিকভাৱে শক্তিশালী লোকসকলে জীৱনৰ যিকোনো কঠিন পৰিস্থিতি হেলাৰঙে পাৰ কৰিব পাৰে

মানসিক সুখ হৈছে প্ৰকৃত সুখ। মানসিক শান্তি বিচাৰি পোৱাজনৰ ওচৰত যি থাকে, সেয়া কাৰোৰে ওচৰত নাথাকে। টকা-পইচাৰে কিনিব নোৱাৰা এই সুখ বিচাৰি মানুহ বলীয়া।

মানসিক শান্তি আৰু আভ্যন্তৰীণ সুখ যথেষ্ট জৰুৰী। মানসিকভাৱে শক্তিশালী লোকসকলে জীৱনৰ যিকোনো কঠিন পৰিস্থিতি হেলাৰঙে পাৰ কৰিব পাৰে। সুখ-দুখ মানুহৰ অনুভূতি। মানসিকভাৱে সুখী ব্যক্তিয়েও দুখ অনুভৱ কৰে। কিন্তু সেয়া আনতকৈ যথেষ্ট শক্তিশালী হয়, যিহেতু তেওঁলোকে সেই অনুভূতি গভীৰভাৱে উপলব্ধি কৰাৰ যত্ন কৰে।

আভ্যন্তৰীণ উন্নয়ণ কৰাটোৱেই হৈছে মানসিক শান্তিৰ অন্য এক উপায়। যদি আপুনি মানসিকভাৱে সুস্থ-সৱল হৈ থাকিব বিচাৰে, তেন্তে আপুনি কি কৰিব:

১)যি মানুহে আপোনাৰ মনত ঋণাত্মক চিন্তা-ধাৰাৰ উদ্ভৱ কৰে, যি মানুহে মিছাৰ প্ৰশ্ৰয় লয়, অনাহকত আনৰ বিষয়ে সমালোচনা কৰে, আনক ইতিকিং কৰে, তেনেকুৱা মানুহৰ পৰা আঁতৰত থাকিব।

২)যিকোনো কামত সফল নহ’লে নিজক বাৰে-বাৰে দোষ নিদিব। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক। জীৱনত যদি কিবা বেয়া ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে তেন্তে সেই ঘটনাত বিচলিত নহ’ব।

৩)সৰু-সৰু কথাত সুখ বিচাৰিবলৈ আৰম্ভ কৰক।

৪)কমফৰ্ট জ’নৰ বাহিৰত ওলাই আপোনাৰ ভয়-শংকা আঁতৰ কৰিবলৈ চেষ্টা কৰক।

৫)আনৰ লগত নিজকে তুলনা কৰাৰ পৰা বিৰত থাকক। মনত ৰাখিব, আপুনি কাৰোবাতকৈ কোনোগুণে কম নহয়।

৬)নিজক লৈয়ে সন্তুষ্ট থাকক। আনক ভাল লগোৱাৰ চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো আপুনি যি হয়, তেনেকৈয়ে বহুত ভাল।

৭)ভুল কৰিলেহে অধিক শিকিব পাৰি। বিফলতাই মানুহক নতুন কথা শিকায়। বিফলতাত বিচলিত নহ’ব।

৮)গান শুনক, গানে আমাৰ মানসিক শক্তি আহৰণত যথেষ্ট সহায় কৰে।

৯)মানুহৰ প্ৰকৃত আৰু শ্ৰেষ্ঠ বন্ধু হৈছে কিতাপ। সেয়েহে কিতাপ পঢ়ক। কিতাপ পঢ়িলে ন-ন কথা শিকাৰ লগতে আনকো নতুন-নতুন কথা শিকাব পাৰিব। যিয়ে আপোনোৰ মনতো সুখ দিব।

১০)ব্যায়াম কৰক। প্ৰাণায়মে মানসিক শান্তি আহৰণতো সহায় কৰে।

মানসিকভাৱে সুখত থাকক। আনৰ লগতো এই সুখ বিলাই লওক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.