স্বাস্থ্য

ঘৰুৱা উপায়েৰে কেনেকৈ পাব গেষ্ট্ৰিক বা এচিডিটিৰ পৰা উপশম?

অত্যাধিক পৰিমাণে জ্বলা-পোৰা খাদ্য, টেঙা-মচলাযুক্ত খাদ্য, ফাষ্টফুড আদি খোৱাৰ ফলত গেষ্ট্ৰিকে আমনি কৰে

গেষ্ট্ৰিক। সাধাৰণ এটি নাম। অথচ এই গেষ্ট্ৰিকৰ কৱলত পৰাজনেহে বুজে ইয়াৰ সাৰমৰ্ম। সাধাৰণ যেন লাগিলেও এই ৰোগে মানুহৰ থৰ-কাচুটি হেৰুৱাই পেলায়। গেষ্ট্ৰিকে ৰাজত্ব কৰা মানে দিনটোলৈ পূবৰ বেলি আকাশত নেদেখি। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বৰ জনসংখ্যাৰ প্ৰায় আধাতকৈও অধিকাংশ লোক এই গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাত ভুগে।

আচলতে অত্যাধিক পৰিমাণে জ্বলা-পোৰা খাদ্য, টেঙা-মচলাযুক্ত খাদ্য, ফাষ্টফুড আদি খোৱাৰ ফলত গেষ্ট্ৰিকে আমনি কৰে। আমি খোৱা খাদ্য পাকস্থলীত জমা হোৱাৰ পাছত ইয়াৰ পৰা নিৰ্গত হোৱা অম্ল ৰস বা গেষ্ট্ৰিক জুচে খাদ্য হজম কৰাত সহায় কৰে। কিন্তু কেতিয়াবা এই গেষ্ট্ৰিক জুচৰ পৰিমাণ ইমানেই বেছি হয়, যাৰবাবে আমি যথেষ্ট অসুবিধাত পৰো।

গেষ্ট্ৰিকৰ লক্ষণ:
পেটৰ বিষ, বমি-বমি ভাৱ বা বমি হোৱা, পেটৰ পোৰণি খোৱাৰ প্ৰতি অনীহা, টেঙা-জ্বলা উগাৰ, উশাহ লোৱাত কষ্ট, জিভাৰ ৰং পৰিৱৰ্তন, মুখৰ দুৰ্গন্ধ, শৌচ ক’লা হোৱা, কেতিয়াবা বমিৰ লগত তেজ ওলোৱা আদি।

ঘৰুৱা উপায়েৰে কেনেকৈ পাব গেষ্ট্ৰিকৰ পৰা উপশম:
১)ৰোগীয়ে পুৱা শুই উঠি খালী পেটতে কুহুমীয়া পানী খাব লাগে। কুহুমীয়া পানী খালে শৌচ খোলোচা হৈ পাকস্থলী পৰিষ্কাৰ হয়।
২)খাদ্য খোৱাৰ ৪০ মিনিটৰ আগত বা পাছতহে পানী খাব লাগে। খাদ্য খোৱাৰ লগে-লগে বা খাদ্য খোৱাৰ আগত পানী খালে পাকস্থলীত পিত্তৰসৰ গাঢ়তা কমি যোৱাত এচিডিটিৰ সৃষ্টি হ’ব পাৰে।
৩)আদা আৰু ক’লা নিমখে হজম শক্তি বৃদ্ধি কৰে।
৪)পদিনা আৰু মানিমুনিয়ে গেষ্ট্ৰিক ৰোধত সহায়ক।

কি-কি কামৰ পৰা বিৰত থাকিব:
১)ৰোগীয়ে টোপনি ক্ষতি কৰাৰ পৰা বিৰত থাকিব লাগে।
২)মানসিক চাপ এৰাই চলিলেও গেষ্ট্ৰিকৰ পৰা উপশম পাব পাৰি।
৩)ধুমপান, মাদক দ্ৰৱ্য সেৱনৰ পৰা বিৰত থাকক।
৪)চাহ, কফি কমাই খাওক।
৫)ফাষ্টফুড জাতীয় খাদ্য বৰ্জন কৰক।

নিৰোগী হৈ থাকিলেহে এটা সুস্থ-সৱল জীৱন কটাব পাৰি। যদি আমাৰ শৰীৰটোৱে অনবৰত ৰোগৰ সন্মুখীন হৈ থাকে, তেন্তে ই আমাক মানসিকভাৱেও যথেষ্ট কষ্ট দিয়ে। সেয়েহে, খোৱা-বোৱা ভালকৈ কৰি, ভাল খাদ্য গ্ৰহণ কৰি নিৰোগী হৈ থাকক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.