SocialSocial Networkজীৱনশৈলীদৈনিক বাতৰিভাৰত

অনলাইন শ্বপিং কৰে নেকি? তেন্তে ১ জানুৱাৰীৰ পৰা ক্ৰেডিট বা ডেবিট কাৰ্ডখন ব্যৱহাৰ কৰিবলৈ জানিব লাগিব এইকেইটা কথা

নতুন বছৰত নতুন নিয়ম

নতুন বছৰত নতুন নিয়ম।

আপুনি যদি অনলাইন বজাৰ কৰিবলে নিজৰ ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে জানি লওক এই কথা ।
কাৰ্ডৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰেডিট বা ডেবিট কাৰ্ডৰ বাবে অনলাইন কাৰ্ড পৰিশোধৰ নিয়মবোৰ সলনি হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (Reserve Bank of India) ১ জানুৱাৰী, ২০২২ৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিব। কিছুমান বেংকে আনকি তেওঁলোকৰ গ্ৰাহকসকলক নতুন নিয়মৰ বিষয়ে সতৰ্ক কৰা আৰম্ভ কৰিছে।

নতুন নিয়ম অনুসৰি, ব্যৱসায়ীসকলে তেওঁলোকৰ ৱেবছাইটত কাৰ্ডৰ তথ্য সংৰক্ষণ কৰিব নোৱাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে দেশৰ সকলো কোম্পানীক ১ জানুৱাৰী, ২০২২ৰ ভিতৰত ডেবিট আৰু ক্ৰেডিট কাৰ্ড সম্পৰ্কীয় সঞ্চয় তথ্য আঁতৰাবলৈ নিৰ্দেশ দিছে।

‘টোকেনাইজেচন’ বুলি পৰিচিত পদ্ধতিৰ জৰিয়তে দ্ৰুততাৰে যোগাযোগবিহীন পৰিশোধ ব্যৱস্থা হাতত লৈছে ৰিজাৰ্ভ বেঙ্কে।

টোকেনাইজেচন কি?

টোকেনাইজেচন হৈছে এক বিশেষ কৌশল য’ত কাৰ্ডৰ তথ্য টোকেনৰ সৈতে সলনি কৰাৰ অপচন অন্তৰ্ভুক্ত থাকে। ই নিশ্চিত কৰে যে গ্ৰাহকৰ ব্যক্তিগত তথ্যৰ সৈতে আপোচ নকৰাকৈ লেনদেন সুচাৰুৰূপে চলে। টোকেনাইজেচন সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ উপলব্ধ। ব্যৱহাৰকাৰীসকলে যিমান বিচাৰে সিমান কাৰ্ড টোকেন কৰিব পাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button