৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীত ব্যাপক প্ৰস্তুতি
এইবাৰ গণৰাজ্য দিৱসৰ মূল বিষয় - বন্দে মাতৰম, আত্মনিৰ্ভৰ ভাৰত

শীতকালীন কুঁৱলি আৰু ঠাণ্ডা বতৰৰ মাজত ২০২৬ চনৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীত ব্যাপক ৰূপে চলি আছে প্ৰস্তুতি। এইবাৰ গণৰাজ্য দিৱসৰ মূল বিষয় হ’ল “বন্দে মাতৰম”(ৰাষ্ট্ৰীয় গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে) আৰু “আত্মনিৰ্ভৰ ভাৰত”।
মুখ্য অতিথি হিচাপে ইতিহাসত প্ৰথমবাৰৰ বাবে ইউৰোপীয় ইউনিয়নৰ দুজন শীৰ্ষ নেতাক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে। দুজন শীৰ্ষ নেতা হৈছে – উৰ্চুলা ভন ডাৰ লেয়েন (ইউৰোপীয় কমিছনৰ সভানেত্ৰী) আৰু এণ্টনিঅ’ কষ্টা (ইউৰোপীয় পৰিষদৰ সভাপতি)।ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে “বেটল এৰে”(Battle Array) প্ৰদৰ্শন কৰিব।লগতে নতুনকৈ গঠিত পেৰাচুট লাইট কমাণ্ডো বেটেলিয়নকো পোনপ্ৰথমবাৰৰ বাবে দেখা পোৱা যাব।
৫ জানুৱাৰীৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ Aamantran portal-ৰ জৰিয়তে পেৰেডৰ টিকেট বিক্ৰী কৰা হৈছে | অহা ২৩ জানুৱাৰীত এই ৰিহাৰ্চেল অনুষ্ঠিত হ’ব। এইবাৰ দৰ্শকৰ গেটসমূহৰ নাম ভাৰতীয় নদী (যেনে- গংগা, ব্ৰহ্মপুত্ৰ, কাবেৰী) আৰু বাদ্যযন্ত্ৰৰ নামৰে নামাকৰণ কৰা হ’ব ।
দিল্লীত সুৰক্ষাৰ বাবে ৫,৮০০ ৰো অধিক অতিৰিক্ত জোৱান প্ৰদান কৰা হৈছে। CCTV কেমেৰা, মুখ চিনাক্তকৰণ প্ৰযুক্তি, এণ্টি-ড্ৰোন ইউনিট, আৰু বিশেষ সুৰক্ষা দল প্ৰদান কৰা হৈছে।
হাজাৰ হাজাৰ দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনী নিযুক্তি কৰে। আৰু প্ৰৱেশ গেটসমূহত কঠোৰ তল্লাশিৰ ব্যৱস্থা।কিছুমান সামগ্ৰী যেনে – বেগ, লেপটপ ইত্যাদিক নিষিদ্ধ কৰা হৈছে।দিল্লীৰ ওপৰত নো-ফ্লাই জ’ন ঘোষণা।যান-বাহন চলাচল নিয়ন্ত্ৰণৰ বাবে ট্ৰাফিকৰ নীতি নিৰ্দেশনা জাৰি। কাশ্মীৰ আৰু সংবেদনশীল অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা, নাকা চেকিং।নিৰাপত্তাৰ খাতিৰত ২১ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি ভৱন জনসাধাৰণৰ বাবে বন্ধ থাকিব। আৰু প্ৰশাসনে সাধাৰণ লোকক আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ ।