Social

শিশুক ভালপোৱা নেহৰু খুৰাক সুঁৱৰি দেশজুৰি পালন ‘শিশু দিৱস’

তেওঁৰ ওপজা দিনটো শিশু দিৱস হিচাপে উদযাপন কৰে দেশবাসীয়ে । শিশুৰ প্ৰতি থকা স্নেহ-ভালপোৱাৰ বাবে জনাজাত আছিল নেহৰু

আজি শিশু দিৱস। পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন। শিশুক ভালপোৱা ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়।

পণ্ডিত নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল। সেয়েহে তেওঁৰ ওপজা দিনটো শিশু দিৱস হিচাপে উদযাপন কৰে দেশবাসীয়ে । শিশুৰ প্ৰতি থকা স্নেহ-ভালপোৱাৰ বাবে জনাজাত আছিল নেহৰু।

‘চাছা নেহৰু’ হিচাপে খ্যাত নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। শিশুক মৰম কৰা নেহৰুয়ে ১৯৫৫ চনত কেৱল শিশুৰ বাবে স্থাপন কৰিছিল চিল্ডাৰছ ফিল্ম ছ’চাইটি ইণ্ডিয়া । তেওঁ যেনেকৈ শিশুসকলক মৰম কৰিছিল, তেনেকৈ তেওঁকো ভাল পাইছিল শিশুসকলে।

সমগ্ৰ ভাৰতবৰ্ষতে শিশুৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া নেহৰুৱে সদায় বিশ্বাস কৰিছিল-‘আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত’। সেয়েহে জীৱিত কালত সদায় শিশুৰ বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল।

সেয়েহে শিশুক মৰম কৰা পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে পালন কৰা হয় শিশু দিৱস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.