Socialঅপৰাধঅসমজন্তুবন্যপ্ৰাণী

তিতাবৰত গঁড়ৰ খৰ্গসহ দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ!

তিতাবৰ আৰক্ষীয়ে দেওবাৰে তেলিয়াপতি এলেকাৰ পৰা এটা গঁড়ৰ খৰ্গসহ দুজনলোকক চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

তিতাবৰ আৰক্ষীয়ে দেওবাৰে তেলিয়াপতি এলেকাৰ পৰা এটা গঁড়ৰ খৰ্গসহ দুজনলোকক চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

গঁড়ৰ খৰ্গ অনা চোৰাং ব্যৱসায়ী দুজন আজিজুল ৰহমান আৰু ৰাজেন বাউৰী বুলি চিনাক্ত কৰা হৈছে।

গোপন সূত্ৰৰ পমখেদি তিতাবৰ মহকুমা আৰক্ষী বিষয়া (এছডিপিঅ’) মইত্ৰয়ী ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুয়োকে গ্ৰেপ্তাৰ কৰে, উল্লেখ্য় যে, তেওঁলোকে ৭০০ গ্ৰাম ওজনৰ গঁড়ৰ শিঙটো প্ৰায় ১.৫ কোটি টকাত বিক্ৰী কৰিবলৈ তিতাবৰলৈ আহি আছিল।

rhino horn

জানিব পৰা মতে, অভিযুক্ত আজিজুল ৰহমান দক্ষিণ হেংগেৰাৰ বাসিন্দা, আনহাতে, ৰাজেন বাউৰী গোলাঘাট জিলাৰ চুতজান কাঠনি বাগানৰ বাসিন্দা।

দুয়োজন অভিযুক্ত বৰ্তমান তিতাবৰ আৰক্ষীৰ জিম্মাত আছে আৰু সোমবাৰে আদালতত হাজিৰ কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.