leatest updatenationalSocialuttarakhand

এতিয়াৰে পৰা LIVE IN RELATIONSHIPত থাকিলে জনাব লাগিব চৰকাৰক!

LIVE IN RELATIONSHIP দেশত মান্য যদিও এতিয়াৰে পৰা এয়া সম্ভৱ নহয়...

প্ৰাপ্তবয়স্ক যুৱক যুৱতীয়ে সহবাস কৰিব বিচাৰিলে চৰকাৰক জনাব লাগিব। অৰ্থাৎ প্ৰচলিত ব্যৱস্থা অনুসৰি আৰু উচ্চতম ন্যায়ালয়ৰ এক ৰায় অনুসৰি LIVE IN RELATIONSHIP দেশত মান্য যদিও উত্তৰাখণ্ডত এতিয়াৰ পৰা এয়া সম্ভৱ নহয়। উত্তৰাখণ্ড চৰকাৰে বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰ্চালৈ আহিছে বিভিন্ন ধাৰাৰ কথা।

মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে মঙলবাৰে উত্তৰাখণ্ডৰ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থাকি উমৈহতীয়া দেৱানী বিধি বিধেয়ক দাখিল কৰিলে। সদনত সৰ্বসন্মতিক্ৰমে এই বিধেয়ক গৃহীত হৈ পৰিলে ৰাজ্যখনত উমৈহতীয়া দেৱানী আইন প্ৰৱৰ্তন হ’ব। স্বাধীনতাৰ পূৰ্বৰে পৰা গোৱাত প্ৰচলিত হৈ থকা UCC এতিয়া দেশৰ ভিতৰত সৰ্বপ্ৰথম উত্তৰাখণ্ডত প্ৰৱৰ্তন হ’বলৈ আগবাঢ়িছে। উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি আইন হোৱাৰ পাছতে লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত কেতবোৰ নতুন বিধি আহি পৰিব আৰু উত্তৰাখণ্ডৰ নাগৰিকে বিধিগতভাৱে সেৱা অনুসৰণ কৰিব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.