Assamassam policeCity newsCMO Assamঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

তাপমাত্ৰাৰ পাৰাস্তম্ভই চুইছেগৈ ৪০ৰ ঘৰ, সামাজিক মাধ্যমযোগে জি পি সিঙৰ বিশেষ অনুৰোধ……..

তাপমাত্ৰাৰ পাৰাস্তম্ভই চুইছেগৈ ৪০ৰ ঘৰ। ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি এই গৰমত। গৰমৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সমূহ ৰাজ্যবাসীক সহায়ৰ আহ্বান।

সামাজিক মাধ্যমযোগে জি পি সিঙৰ বিশেষ অনুৰোধ – শেহতীয়া গ্ৰীষ্মকালীন পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিগৰাকী সদাশয় নাগৰিকলৈ আমাৰ এটি বিনম্ৰ অনুৰোধ— এই প্ৰচণ্ড গৰমৰ সময়ত আপোনাৰ ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক অনুগ্ৰহ কৰি পিয়াহৰ পানীটুপি যোগান ধৰক।আমি আমাৰ আৰক্ষীৰ লোকসকলকো নিজাববীয়াকৈ খোৱাপানীৰ বটল লগত ৰাখিবলৈ জনাইছো । প্ৰয়োজন সাপেক্ষে এই খোৱাপানীৰ বটলসমূহ আপোনালোকে পুন:ভৰ্তি কৰি দিয়াৰ ব্যৱস্থা কৰিলে আমি বাধিত হ’ম । আৰক্ষীৰ লোকসকলৰ প্ৰতি আগবঢ়োৱা মানৱীয় সহযোগিতাৰ বাবে অসম আৰক্ষী আপোনাসৱৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ব ।🙏

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.