অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

লজ্জাজনক! আঠখেলীয়া নামঘৰৰ বাকৰিত মদাহী আৰক্ষীৰ মাজত প্ৰচণ্ড মাৰপিট

সুৰাৰ ৰাগীত মাতাল হৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে থানা খনৰে গৃহৰক্ষী বিভাগৰ গাড়ী চালক জনক

গোলাঘাট আৰক্ষীৰ লজ্জাজনক ঘটনা! দুই আৰক্ষীৰ মাজত প্ৰচণ্ড মাৰপিট। গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে সুৰাৰ ৰাগীত মাতাল হৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে থানা খনৰে গৃহৰক্ষী বিভাগৰ গাড়ী চালক জনক। ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগাত পৰিছে পাপু সোনোৱাল নামৰ গাড়ী চালকজন।

মঙ্গলবাৰে নিশা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্যৰত অৱস্থাত সুৰাৰ ৰাগীত মাতাল হৈ এচএচবি জোৱানৰ সৈতে অকাৰণতে কাজিয়াত লিপ্ত হয় ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে।কাজিয়া ভয়ংকৰ হোৱাৰ উমান পায় আৰক্ষী থানাৰ চালকজনে ভাৰপ্ৰাপ্ত বিষয়াজনক বুজনি দিয়াৰ চেষ্টা চলায়।

কিন্তু সেই কথাতে খৰ্গহস্ত হৈ সুৰাপায়ী অ’ চি ৰাজেশ্বৰ গগৈয়ে বেয়াকৈ মাৰধৰ কৰে চালক পাপু সোনোৱালক।সুৰাপায়ী অ’চিৰ প্ৰহাৰত হাত আৰু ডিঙিত গুৰুতৰভাৱে আঘাট পাই বৰ্তমান চিকিৎসকৰ কাষ চাপিছে চালকৰূপী গৃহৰক্ষী বাহিনীৰ জোৱান পাপু সোনোৱাল।ইফালে মাৰপিটত লিপ্ত হোৱাৰ সময়তে সুৰাসক্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈৰ নেমপ্লেট আৰু আৰক্ষীৰ বেজ পৰি থাকিল আঠখেলীয়া নামঘৰৰ চৌহদত।

ইতিমধ্যে পিড়িত চালকজনে গৃহৰক্ষী বিভাগৰ জড়িয়তে গোলাঘাট জিলাৰ আৰক্ষী অধিক্ষকক ঘটনাটো অৱগত কৰাত সুৰাপায়ী আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈক তলব কৰিছে আৰক্ষী অধিক্ষকে।আনহাতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ঘিলাধাৰী আৰক্ষী বিষয়াজনে সাংবাদিকৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 6 =

Back to top button