শ্ৰেণীবিহীন

জনতাৰ মূৰত মাধমাৰ সোধাই পুনৰ যোৱা নিশা বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

বিগত আঠ মাহত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে সৰ্বমুঠ ১৯০ টকা

চলিত বছৰত ৰন্ধন গেছৰ বৰ্ধিত মূল্যই জুৰুলা কৰিছে সাধাৰণ জনতাক। পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ নিয়মীয়া মূল্য বৃদ্ধিৰ গতি অব্যাহত ৰাখি যোৱা নিশা পুনৰ বৃদ্ধি পালে  ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

ইণ্ডিয়ান অ’ইল কৰ্প’ৰেইশ্যনে প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৫ টকা বৃদ্ধি কৰা বুলি জনায়।

১৪.২ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্য ৰাজধানী দিল্লীত এতিয়া ৮৯৯ টকা আৰু ৫ কিলোগ্ৰাম ওজনৰ মূল্য ৫০২ টকা।

উল্লেখ্য যে,  ২০২১ বৰ্ষৰ ১ জানুৱাৰিত চিলিণ্ডাৰৰ মূল্য আছিল ৬৯৪ টকা। ইয়াৰ পিছত ইয়াৰ মূল্য বাঢ়ি ১ ছেপ্তেম্বৰত হ’লগৈ ৮৮৪ টকা। ১৭ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰ অৰ্থাত ১৫ দিনত ৫০ টকা বৃদ্ধি পাইছিল ৰন্ধন গেছৰ মূল্য।

অৰ্থাৎ বিগত আঠ মাহত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে সৰ্বমুঠ ১৯০ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.