অভিনয়ভাৰত

জনপ্ৰিয় ৰাৱণৰ দেহাবসান

মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতা অৰবিন্দ ত্ৰিবেদীয়ে

এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ উঠা প্ৰসিদ্ধ অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাবসান।  মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অৰবিন্দ ত্ৰিবেদীৰ বয়স আছিল ৮২ বছৰ। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী।

মঙলবাৰে নিশা প্ৰায় ৯.৩০ বজাত ত্ৰিবেদীয়ে হৃদৰোগত আক্ৰান্ত হৈছিল। তাৰ পিছতে কান্দিভলীত থকা তেওঁৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰিছিল। এইগৰাকী অভিনেতাই ৰামায়ণৰ উপৰিও ‘বিক্ৰম আৰু বেটাল’তো সুন্দৰ অভিনয় কৰিছিল। তাৰোপৰি তেওঁ হিন্দী আৰু গুজৰাটীকে ধৰি প্ৰায় ৩০০ খন চলচ্চিত্ৰতো অভিনয় কৰিছিল।

উল্লেখ্য যে, ১৯৩৮ চনত মধ্য প্ৰদেশৰ উজ্জয়িনীত জন্মগ্ৰহণ কৰা অৰবিন্দে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত সফলতাৰ পিছত গুজৰাট চৰকাৰে প্ৰদান কৰা গুজৰাটী চলচ্চিত্ৰত শ্ৰেষ্ঠ অভিনয়ৰ বাবে সাতটা বঁটা লাভ কৰিছিল। ২০০২ চনত তেওঁক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে মনোনীত কৰা হয়। অৰবিন্দ ত্ৰিবেদীয়ে ২০ জুলাই, ২০০২ ৰ পৰা ১৬ অক্টোবৰ, ২০০৩ লৈ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.