leatest updateঅসমদৈনিক বাতৰিভাৰতসংস্কৃতি

দেশৰ গণতন্ত্ৰৰ বাবে আজি এটা ঐতিহাসিক দিন।ঐতিহাসিক ক্ষণৰ সাক্ষী সমগ্ৰ দেশবাসী…

দেশবাসীলৈ উছৰ্গিত নতুন সংসদ ভৱন।

দেশৰ গণতন্ত্ৰৰ বাবে আজি এটা ঐতিহাসিক দিন। লোকতন্ত্ৰৰ মন্দিৰ সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান। ঐতিহাসিক ক্ষণৰ সাক্ষী সমগ্ৰ দেশবাসী। দেশবাসীলৈ উছৰ্গিত নতুন সংসদ ভৱন। নৱনিৰ্মিত সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোদীৰ পূজা-অৰ্চনা। নতুন সংসদ ভৱন উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। তামিল ৰীতি-নীতিৰে সংসদ ভৱনত স্থাপন চেংগ’ল। ৰূপ আৰু সোণেৰে নিৰ্মাণ ৫ ফুট দৈৰ্ঘ্যৰ চেংগোল।

Image

৮৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈছে সংসদ ভৱনটো। ২৯ মাহত সম্পূৰ্ণ হৈ উঠিছে ৪ মহলীয়া ভৱনটো। ২০২০ চনৰ ১০ ডিচেম্বৰত কৰা হৈছিল শিলান্যাস।লোকসভা কক্ষত একেলগে বহিব পাৰিব ১,২৭২জন MP।৩৯.৬ মিটাৰ উচ্চতাৰ ভৱনটোত আছে ৩খন মূল দুৱাৰ।জ্ঞান, শক্তি আৰু কৰ্ম দুৱাৰ হিচাপে নামাকৰণ।২০,৮৬৬ বৰ্গমিটাৰ এলেকা সামৰি লৈছে ভৱনটোৱে।নতুন সংসদ ভৱনটো স্থাপন কৰে টাটা প্ৰজেক্ট লিমিটেডে।৭৫টকীয়া বিশেষ মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব PMএ।সন্মানীয় শ্ৰমিকসকলক সন্মান প্ৰধানমন্ত্ৰী মোদীৰ।ভৱনটো নিৰ্মাণত জড়িত আছিল আটাইকেইজন শ্ৰমিক।অংশ ল’লে বিজেপিসহ ২৫ সংসদীয় সমৰ্থক দলে।অনুষ্ঠানত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা।উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।অনুষ্ঠান বৰ্জন কংগ্ৰেছসহ ২০ বিৰোধী দলৰ।

Image

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত স্থাপন কৰে চেংগ’ল। চেংগ’ল হৈছে ভাৰতৰ ক্ষমতাৰ ৰাজতন্ত্ৰ। ব্ৰিটিছৰ পৰা নিজৰ হাতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাজদণ্ড লাভ কৰিছিল। পিছত এই ৰাজদণ্ড এলাহাবাদ যাদুঘৰত সংৰক্ষিত কৰি ৰখা হৈছিল। কিছুদিনৰ পূৰ্বে নতুন সংসদৰ লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰিবৰ বাবে এই ৰাজদণ্ড দিল্লীলৈ অনা হৈছিল। আৰু আজি মাংগলিক ৰীতি নীতিৰে প্ৰধানমন্ত্ৰীয়ে এই চেংগ’ল প্ৰতিষ্ঠা কৰিলে। ১৯৪৭ চনতে নিৰ্মাণ কৰা এই চেংগ’ল ৫ ফুট দৈৰ্ঘ্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − five =

Back to top button