আন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীভাৰতমনোৰঞ্জন

জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ অইন কি দিশত আছে ৰুচি

সোণৰ পদক কঢ়িয়াই অনা এইগৰাকী ক্ৰীড়াবিদ জেভলিন থ্র’ৱাৰ হোৱাৰ উপৰিও এগৰাকী সফল বাইক আৰোহী

১৩০ কোটি ভাৰতীয়ৰ সপোন পূৰণ কৰি অৱশেষত টকিঅ’ৰ পৰা শনিবাৰে আহিল বহু আকাংক্ষিত সু–সংবাদ৷ ভাৰতীয় ক্রীড়া ইতিহাসত সোণালী অধ্যায়ৰ সূচনা কৰি তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই দেশলৈ আনিলে ঐতিহাসিক স্বর্ণপদক৷

টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ সোণৰ পদক কঢ়িয়াই অনা এইগৰাকী ক্ৰীড়াবিদ জেভলিন থ্র’ৱাৰ হোৱাৰ উপৰিও এগৰাকী সফল বাইক আৰোহী।

নীৰজ চোপ্ৰাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা মটৰচাইকেলৰ সৈতে কেইবাখনো ফটো পোষ্ট কৰিছে। তেওঁ এই বছৰ এছিয়ান গেমছত পদক জয় কৰাৰ ঠিক পিছতে ২০১৯ চনত Harley Davidson 1200 বাইকখন ক্ৰয় কৰিছিল। ইয়াৰ বাহিৰেও তেওঁৰ আছে Bajaj Pulsar।

উল্লেখ্য যে নীৰজ চোপ্ৰা ভাৰতীয় সেনাৰ চতুৰ্থ ৰাজপুতানা ৰাইফলছৰ এগৰাকী চুবেদাৰ। ২০১৬ চনত তেওঁ নাইব চুবেদাৰ হৈ কনিষ্ঠ বিষয়া হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ চণ্ডিগড়ৰ ডিএভি মহাবিদ্যালয়ৰ পৰা স্নাতক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.