খেলজীৱনশৈলী

অশ্রুসিক্ত নয়নেৰে বার্চিলোনাক বিদায় জনালে ছুপাৰষ্টাৰ লিঅ’নেল মেছিয়ে

বার্চিলোনাৰ জুনিয়ৰ ক্লাবৰ সৈতে ২১ বছৰীয়া মধুৰ সম্পর্কৰ অৱসান ঘটায় লিঅ’নেল মেছিয়ে

অশ্রুসিক্ত নয়নেৰে বার্চিলোনাক বিদায় জনালে ছুপাৰষ্টাৰ লিঅ’নেল মেছিয়ে৷ বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰগৰাকীয়ে বার্চিলোনাৰ জুনিয়ৰ ক্লাবৰ সৈতে ২১ বছৰীয়া মধুৰ সম্পর্কৰ দেওবাৰে অৱসান ঘটায়।লা–লিগাৰ কঠোৰ বিত্তীয় নীতি–নিয়মৰ হেঁচাত  বার্চিলোনাক আনুষ্ঠানিকভাৱে বিদায় জনাই ছুপাৰষ্টাৰগৰাকীয়ে। দেওবাৰে বার্চিলোনাৰ হৈ অন্তিমখন সংবাদমেল সম্বোধন কৰে মেছিয়ে।

সংবাদমেলত মেছিয়ে পুৰণা স্মৃতি সুৱৰি অন্যন্ত আৱেগিক হৈ পৰে। ১৩ বছৰ বয়সৰ পৰাই বার্চিলোনাৰ জুনিয়ৰ ক্লাবত প্রফেছনেল কেৰিয়াৰ আৰম্ভ কৰিছিল লি’নেল মেছিয়ে৷মেছিয়ে সংবাদ মেলত কয় যে বার্চিলোনা ত্যাগ কৰিব বুলি তেওঁ সপোনতো কল্পনা কৰা নাছিল৷ স্পেনিছ ক্লাবটোৰ সৈতে থাকিবলৈ তেওঁ নিজৰ ফালৰ পৰা সকলো চেষ্টা চলাইছিল যদিও লা–লিগাৰ কঠোৰ বিত্তীয় নীতি–নিয়মৰ বাবে বার্চিলোনাই তেওঁক দলত ৰাখিব নোৱাৰিলে বুলি মেছিয়ে উল্লেখ কৰে৷ বার্চিলোনাৰ সৈতে খেলি যোৱাৰ স্বার্থত আর্জেণ্টিনাৰ তাৰকাগৰাকীয়ে মজুৰিৰ পৰিমাণ ৫০ শতাংশলৈ হ্রাস কৰিবলৈও সাজু হৈছিল বুলি মেছিয়ে সংবাদ মেলত উল্লেখ কৰে।

মন কৰিবলগীয়া যে লা–লিগাৰ নতুন নিয়ম অনুসৰি বার্চিলোনাই মেছিক বর্তমানৰ মজুৰিত নতুন চুক্তিত স্বাক্ষৰ কৰিব নোৱাৰে৷ সেয়ে দলটোৱে ফুটবল বিশ্বৰ অন্যতম বিশ্ব ষ্ট্রাইকাৰগৰাকীক মুকলি কৰি দিবলৈ বাধ্য হৈছে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.