অসমৰাজনৈতিক

২০ দিনীয়া কায্যসূচিৰে পালন কৰা হ’ব নৰেন্দ্ৰ মোদীৰ ৭১তম জন্মদিন

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে কৰা হ’ব সেৱা আৰু সমৰ্পন অভিযান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১তম জন্মদিন। ২০ দিনীয়া কায্যসূচিৰে পালন কৰা হ’ব এই জন্মদিন। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে সেৱা আৰু সমৰ্পন অভিযান কৰা হ’ব।

⬛ বিভিন্ন কাৰ্যসুচীৰে ৰাজ্যত পালন কৰা হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন-

⬛ ৭১টা অসমৰ ঐতিহাসিক পুখুৰী বা জলাশয় পৰিস্কাৰ কৰা হব।

⬛ ৩৯খন জিলাৰ ঐতিহাসিক পুখুৰী, জলাশয় আৰু নদী পৰিস্কাৰ কৰা হ’ব।

⬛ অহা ১৭ছেপ্টেম্বৰত বিশ্বকৰ্মা পুজাৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সেয়েহে সেইদিনা ৰাজপথৰ য’তে ততে পেলাই থোৱা বিশ্বকৰ্মা পূজাৰ প্ৰতিমা বা মূৰ্তি সমূহ পৰিস্কাৰ কৰা হ’ব।

⬛ ১৭তাৰিখে ১৫হাজাৰ বুথত ১৫হাজাৰ নামঘৰ বা মন্দিৰত নৈবদ্য, শৰাই দিয়া হ’ব। উক্ত দিনা বিজেপিৰ সকলো কর্মীৰ ঘৰত বন্তি প্ৰজ্বলন কৰা হ’ব।

⬛ অসম প্ৰদেশ বিজেপিয়ে ১০ লাখ পোষ্ট কাৰ্ডত জন্মদিনৰ শুভেচ্ছা লিখি মোদীলৈ পঠিয়াব।

⬛ প্ৰত্যেক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হব, য’ত ৫হাজাৰ যুৱকে ৰক্তদান কৰিব।

⬛ দিবাংগ সকলক সাহায্য সামগ্ৰী বিতৰণ কৰা হব

⬛ মহিলা সকলক গাঁৱে গাঁৱে গৈ আইৰণ টেবলেট প্ৰদান কৰিব

⬛ অনাথ আশ্ৰমত ফলমূল বিতৰণ কৰা হব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 1 =

Back to top button