অসম

নিমাতীঘাট ট্রেজেডীৰ পাছত জীয়াতু ভুগিছে মাজুলীবাসীয়ে

সম্পূর্ণৰূপে বন্ধ নাৱৰ চলাচল

নিমাতীঘাট ট্রেজেডীৰ পাছত যাতায়াতৰ ক্ষেত্রত জীয়াতু ভুগিছে মাজুলীবাসীয়ে৷

আন লোকৰ লগতে স্বাস্থ্যজনিত কাৰণত যোৰহাটলৈ আহিবলগীয়া ৰোগীসকলো ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷

যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মুখামুখি সংঘর্ষৰ ঘটনাৰ পাছতেই চৰকাৰে নাৱৰ চলাচল সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে৷ ইয়াৰ পৰিৱর্তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন ৰ’পেক্সৰ চলাচল আৰম্ভ কৰে৷ একোখন ৰ’পেক্সেত এবাৰত মাত্র ২০০ যাত্রীহে কঢ়িয়াব পাৰে৷ ফলত দিনটোত ৪০০ যাত্রীহে ইপাৰৰ পৰা সিপাৰলৈ যাব পৰাৰ ব্যৱস্থা হৈছে৷ ইয়াৰ ফলত জনসাধাৰণে পুৱা চাৰি বজাৰ পৰাই ৰ’পেক্সৰ বাবে দীঘলীয়া শাৰী পাতিবলগা হয়৷

মাজুলীৰ কমলাবাৰী আৰু অফলামুখ ফেৰীঘাটত পুৱা চাৰি বজাৰ পৰাই যাত্রীৰ দীঘলীয়া শাৰী৷ বহু লোকে আজিও ৰ’পেক্সৰ টিকট নাপাই পাৰঘাটতেই কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ নিমাতীঘাট আৰু মাজুলীত উদ্ভৱ হোৱা এই পৰিস্থিতি সম্পর্কত ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে যাত্রীৰ চাহিদা পূৰণ কৰিবলৈ আৰু দুখন জাহাজ নিমাতীঘাটলৈ অনাৰ ব্যৱস্থা কৰা হৈছে৷

সেইদৰে ৰ’পেক্সৰ টিকটৰ বাবে যাত্রীৰ দীঘলীয়া শাৰীৰ প্রসংগত তেওঁ কয় যে, অচিৰেই অনলাইনযোগেও টিকট দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে টিকট দিয়াৰ ব্যৱস্থা কৰিব৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.