Social

প্ৰচণ্ড ধুমুহাকো নেওচি হালি নপৰা গছ হৈ সন্তানক আৱৰি ৰখা প্ৰতিগৰাকী মাতৃলৈ ‘মাতৃ দিৱস’ৰ শুভেচ্ছা…

১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত প্ৰথমবাৰৰ বাবে পালন কৰে মাতৃ দিৱস। ১৯১২ চনত আন্না জাৰ্ভিছে ‘ছেকেণ্ড ছানডে ইন মে’ আৰু ‘মাডাৰ্ছ ডে’ ইণ্টাৰনেচনেল এছোচিয়েছন’ গঠন কৰে। তেওঁ কৈছিল যে- “Mother’s should be singular possessive for each family to honour its mother, not a plural possessive commemorating all mothers of the world”.

অপৰিসীম যন্ত্ৰণাকো নেওচি সন্তানক সেউজ পৃথিৱীৰ উমাল পৰশ দিয়াগৰাকীয়েই ‘মা’। জীৱনৰ একা-বেঁকা বাটৰ কঠিন সময়কো প্ৰত্যাহ্বান জনাই সন্তানক দুবাহুৰে সাবটি লোৱাগৰাকীয়েই ‘মা’। ‘মা’ সাহসী, ‘মা’ ত্যাগী, ‘মা’ মৰমীয়াল, ‘মা’ প্ৰচুৰ মৰমৰ আকৰ। মাতৃৰ প্ৰেম অতুলনীয়।

আজি মাতৃ দিৱস। প্ৰতি বছৰৰ মে’ মাহত বিশ্বজুৰি পালন কৰা হয় মাতৃ দিৱস। মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা হয় এই দিৱস।

১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত প্ৰথমবাৰৰ বাবে পালন কৰে মাতৃ দিৱস। ১৯১২ চনত আন্না জাৰ্ভিছে ‘ছেকেণ্ড ছানডে ইন মে’ আৰু ‘মাডাৰ্ছ ডে’ ইণ্টাৰনেচনেল এছোচিয়েছন’ গঠন কৰে। তেওঁ কৈছিল যে- “Mother’s should be singular possessive for each family to honour its mother, not a plural possessive commemorating all mothers of the world”.

ভাৰতত মাতৃ দিৱসৰ ধাৰণা নতুন। প্ৰথমতে আমেৰিকাত পালন কৰা এই দিৱসটিয়ে পৰৱৰ্তী সময়ত ভাৰতত প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হয়। মাতৃ দিৱসৰ জৰিয়তে মাতৃসকলক সন্মান জনোৱা হয়। যদিও সদায়েই মাতৃৰ বাবে সন্তানৰ কৰ্তব্য, মৰম-ভালপোৱা ব্যাপি থাকে, তথাপি আজিৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী মাতৃক বিশেষভাৱে সন্মান প্ৰদৰ্শন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.