Socialদিল্লীভাৰত

দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে মাংকিপক্সে!

বুধবাৰে দিল্লীত এগৰাকী ৩১ বছৰীয়া মহিলাৰ শৰীৰত ধৰা পৰিছে মাংকিপক্সৰ অৱস্থিতি

ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছে মাংকিপক্সে! বুধবাৰে দিল্লীত এগৰাকী ৩১ বছৰীয়া মহিলাৰ শৰীৰত ধৰা পৰিছে মাংকিপক্সৰ অৱস্থিতি৷ মাংকিপক্সত আক্ৰান্ত হোৱা এইগৰাকী হৈছে ভাৰতৰ প্ৰথম মহিলা ৰোগী, মহিলাগৰাকীয়ে কোনোধৰণৰ ভ্ৰমণ কৰা নাছিল বুলি জানিব পৰা গৈছে৷

বৰ্তমান মহিলাগৰাকীক দিল্লীৰ এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ইয়াৰ পূৰ্বে মঙলবাৰে দিল্লীত বাস কৰা এগৰাকী নাইজেৰিয়া মূলৰ লোকৰ দেহত শেহতীয়াভাৱে ধৰা পৰিছিল মাঙ্কি’পক্সৰ উপস্থিতি৷ এইজন লোকৰো নাই শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ কোনো তথ্য ৷ দিল্লীত চতুৰ্থটো মাঙ্কিপ’ক্স সংক্ৰমণৰ ঘটনা ।

ইতিমধ্যে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৯ গৰাকীলৈ৷ দেশত এতিয়ালৈকে কেৰালাৰ পৰা ৫ টা আৰু দিল্লীৰ পৰা ৪ টা মাঙ্কিপক্সৰ ঘটনা পোহৰলৈ আহিছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাংকিপক্স হৈছে জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ভাইৰাছ। ইয়াৰ লক্ষণসমূহৰ ভিতৰত জ্বৰ, শৰীৰত ঘাঁ হোৱা আৰু লিম্ফ ন’ড ফুলা আদিয়েই জটিলতা সৃষ্টি কৰিব পাৰে। সাধাৰণতে ই এক স্ব-সীমিত ৰোগ ইয়াৰ লক্ষণবোৰ দুসপ্তাহৰ পৰা চাৰি সপ্তাহলৈকে থাকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.