InternationalInternationalleatest updatenationalSocialদৈনিক বাতৰিভাৰত

দুদিনীয়া ভ্ৰমণসূচী লৈ ৰাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিগত ৪ মাহত দ্বিতীয়বাৰ ৰাছিয়াত উপস্থিত মোদী

দুদিনীয়া ভ্ৰমণসূচী লৈ ৰাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

BRICS শীৰ্ষ সন্মিলনৰ বাবে ৰাছিয়াত উপস্থিত PM মোদী

ৰাছিয়াৰ কাজান চহৰত অনুষ্ঠিত হ’ব BRICSৰ সন্মিলন

বিগত ৪ মাহত দ্বিতীয়বাৰ ৰাছিয়াত উপস্থিত মোদী

ইয়াৰ পূৰ্বে জুলাই মাহত ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনলৈ গৈছিল মোদী

আজি সন্ধিয়া BRICS ৰাষ্ট্ৰৰ সৈতে ভোজমেলত মিলিত হ’ব মোদী

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও মিলিত হ’ব মোদী

বুধবাৰে BRICSৰ সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে

BRICSৰ কেইবাখনো ৰাষ্ট্ৰৰ মুৰব্বীৰে হ’ব মোদীৰ দ্বিপাক্ষিক আলোচনা

চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

বিগত দুটা বৰ্ষৰ পিছত ভাৰত-চীনৰ মুৰব্বীৰ মাজত এই বৈঠকৰ সম্ভাৱনা

২০২২ চনত G-20 শীৰ্ষ সন্মিলনত মিলিত হৈছিল মোদী-ঝিনপিং

২৩ অক্টোবৰত ৰাছিয়াৰ পৰা উভতিব প্ৰধানমন্ত্ৰী মোদী

২৪ অক্টোবৰত BRICS PLUS ৰাষ্ট্ৰৰ বৈঠকত অংশ ল’ব এছ জয়শংকৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ পূৰ্বে বিদেশ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা। ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰতদুই দেশৰ কূটনৈতিক পৰ্যায়ৰ বিশেষ অগ্ৰগতি। সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ২০২০ৰ পূৰ্বৰ স্থিতি বাহাল ৰাখি দুই দেশৰ নিয়মীয়া টহল বাহাল ৰখাৰ পোষকতা। সীমান্তত সৈন্য বাহিনীৰ শক্তি হ্ৰাস কৰাৰ ক্ষেত্ৰতো কূটনৈতিক পৰ্যায়ত অব্যাহত আছে ভাৰত-চীনৰ মাজত আলোচনা। পৰিস্থিতি অনুকূল হ’লে দুই ৰাষ্ট্ৰপ্ৰধান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ দ্বিপাক্ষিক আলোচনাই হ্ৰাস কৰিব পাৰে সীমান্তৰ উত্তেজনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.