Socialনাগালেণ্ড

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নগা উগ্ৰপন্থী সংগঠন NSCNৰ গ্ৰেণেড বিস্ফোৰণ

নাগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী লংৱাৰ চেনলিছো বস্তিত সংঘটিত এই বিস্ফোৰণ

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত সংঘটিত হৈছে গ্ৰেণেড বিস্ফোৰণ। নাগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী লংৱাৰ চেনলিছো বস্তিত সংঘটিত এই বিস্ফোৰণ।

নগা উগ্ৰপন্থী সংগঠন NSCN(KYA)এ  বিস্ফোৰণ ঘটায়। বৃহস্পতিবাৰে নিশা সংঘটিত বিস্ফোৰণৰ ফলত কিছু পৰিমাণে ক্ষয়-ক্ষতি হয়। বিস্ফোৰণত এখন জেচিবি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, চেংলিছু বস্তিৰ বিধ্বস্ত পথ মেৰামতি কৰি দিবলৈ আছাম ৰাইফলছক অনুৰোধ জনাইছিল চেংলিছু বস্তিৰ বাসিন্দাই অনুৰোধ জনাইছিল।  অনুৰোধ ৰক্ষা কৰি আছাম ৰাইফলছৰ তৰফৰ পৰা এখন জেচিবি প্ৰেৰণ কৰি ওখোৰা-মোখোৰা পাহাৰীয়া পথটো মেৰামতিৰ কাম আৰম্ভ কৰাৰ সময়তে নগা উগ্ৰপন্থী সংগঠন NSCNএ জেচিবিখনলৈ গ্ৰেণেড নিক্ষেপ কৰি বিস্ফোৰণ সংঘটিত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.