Socialজীৱনশৈলীবলিউড

ইন্টাৰনেটত ভাইৰেল বিকী-কেটৰিনাৰ বিয়াৰ আলহীৰ তালিকা, পিছে আলহীৰ কাৰণে বান্ধি দিয়া হ’ল কঠোৰ নিয়ম!

৯ ডিচেম্বৰ, বুধবাৰে ৰাজস্থানৰ চিক্স চেনচেচ ফৰ্ট বাৰৱাৰাত বিয়াত বহিব কেটৰিনা কাঈফ আৰু বিকী কৌশল। বিয়াৰ বাবে বুকিং কৰা হৈছে ৪৫ খন হোটেল। আনকি আলহীৰ বাবে স্পেচিয়েল টাইগাৰ চাফাৰীৰো ব্যৱস্থা কৰিছে দুয়োয়ে। পিছে বিয়ালৈ আহিবলগীয়া আলহীৰ বাবে বান্ধি দিয়া হৈছে কঠোৰ নিয়ম।

যুগ্ম জীৱনৰ আৰম্ভণিৰ বাবে সাজু বিকী কৌশল আৰু কেটৰিনা কাঈফ। দুয়োৰে বিবাহক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াতো সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা।

এতিয়ালৈকে যদিও বিকী-কেটৰিনাই তেওঁলোকৰ বিয়া সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই, তথাপি সকলো ব্যস্ত দুয়োৰে বিয়াৰ আলোচনাত।

৯ ডিচেম্বৰ, বুধবাৰে ৰাজস্থানৰ চিক্স চেনচেচ ফৰ্ট বাৰৱাৰাত বিয়াত বহিব কেটৰিনা কাঈফ আৰু বিকী কৌশল। বিয়াৰ বাবে বুকিং কৰা হৈছে ৪৫ খন হোটেল। আনকি আলহীৰ বাবে স্পেচিয়েল টাইগাৰ চাফাৰীৰো ব্যৱস্থা কৰিছে দুয়োয়ে। পিছে বিয়ালৈ আহিবলগীয়া আলহীৰ বাবে বান্ধি দিয়া হৈছে কঠোৰ নিয়ম।

খবৰ অনুসৰি, আলহীসকলে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব নোৱাৰিব বিয়াৰ ফটো, ভিডিঅ’। লগতে শ্বেয়াৰ কৰিব নোৱাৰিব বিবাহস্থলীৰ স্থান। আনকি আলহীয়ে বিবাহস্থলীত কোনোধৰণৰ ৰীল ভিডিঅ’ও প্ৰস্তুত কৰিব নোৱাৰিব।

উল্লেখ্য যে, বিয়ালৈ আমন্ত্ৰণ কৰা আলহীৰ তালিকাত আছে কৰণ জোহৰ, আলিয়া ভাট, বিৰাট কোহলী, অনুস্কা শৰ্মা, আলী আব্বাছ জাফৰ, কবিৰ খান আৰু মিনি মাথুৰ, ৰোহিত চেট্টী, সিদ্ধাৰ্থ মালহোট্ৰা, কিয়াৰা আদৱানী, বৰুণ দাৱান আৰু নাতাশা দালাল।

অৱশ্যে, বিয়া খাবলৈ কোন কোন আলহী আহিব সেয়া বিয়াৰ দিনটোতহে গম পোৱা যাব। যদিও বিয়া সন্দৰ্ভত কেটৰিনা কাঈফ আৰু বিকী কৌশলে সংবাদমাধ্যম অথবা ছ’চিয়েল মিডিয়াত বিয়াৰ বিষয়ে কোনোধৰণৰ মত দিয়া নাই, তথাপি কিন্তু অনুৰাগীৰ বাবে সম্প্ৰতি চৰ্চিত হৈ পৰিছে দুই চেলিব্ৰেটী।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.