অসমআঞ্চলিক

পুনৰ অসমৰ ভূমিত নগাৰ আগ্ৰাসন! অসমীয়াৰ মাটিত সংগোপনে ৰোপন কৰিলে কঠিয়া…

CRPFয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় লোকৰ

পুনৰ অসমৰ ভূমিত নগাৰ আগ্ৰাসন! মেৰাপানী সীমান্তৰ ডিচেক্টৰত আগ্ৰাসন নগাৰ, অসমীয়াৰ মাটিত সংগোপনে ৰোপন কৰিলে ধান খেতি৷

CRPFয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় লোকৰ৷ অসম চৰকাৰৰ ‘হাফমাইল বেল্ট’ৰ অধীনত ১৯৭০ চনতে সীমান্তবাসী কৰাই জক আৱন্টন দিয়া ১২ বিঘাকৈ ভূমিত এতিয়া নগাৰ শেনচকু। ১ নং তৰাণিৰ গোপালগড় আৰু তেওঁৰ ভগ্নী তৰামাই গড়ৰ নামত পৈত্ৰিক সূত্ৰে লাভ কৰা ভূমিত নগা আৰু অসমীয়াৰ মাজত সীমা বিবাদৰ সূত্ৰপাত হৈ ২০১১ চনৰে পৰা বিবাদমান ভূমি হিচাপে চিহ্নিত হৈ আহিছিল।

ফল স্বৰূপে সীমান্তত নিয়োজিত CRPFৰ হস্তক্ষেপত বিবাদমান ভূমিখণ্ডত গোপালগড়ৰ পৰিয়ালৰ লগতে অধিকাৰ সাৱস্ত্য কৰিব খোজা নগালোকক খেতি বাতি কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি ৰাখিছিল যদিও এই বাধা নামানি একাংশ নগালোকে উক্তভূমিত ৰোপন কৰিছে ধানখেতি।

ইফালে ঘটনাৰ সন্দৰ্ভত নগাই হাবিকাটি খেতি কৰিবলৈ যা-যোগাৰ কৰাৰ লগতে ধানৰ কঠিয়া ৰোপন কৰাৰ তথ্য লাভ কৰি তৰামাই গড়ে মেৰাপানীস্থিত ১৪২ নং CRPFক যোৱা ২৫ জুনতেই অৱগত কৰিছিল যদিও কোনো গুৰুত্ব আৰোপ নকৰিলে CRPFয়ে। ফলত নিজৰেই পৈত্ৰিক সম্পত্তিত নগাৰ বেদখল কোনো কাৰণতেই মানি ল’ব খোজা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.