Assamleatest updateSocial

গৰু,ম’হ বা ট্ৰেক্টৰ নহয়,এইবাৰ পথাৰত হাল বালে Mahindra Tharএ…

Thar বাহনেৰে হাল বাই সামাজিক মাধ্যমত ভাইৰেল এজন যুৱক।

সময় সলনি হৈছে, সময়ৰৰ লগে লগে সলনি হৈছে প্ৰযুক্তি বিদ্যাও। পৰাপক্ষত আমি আগৰে পৰাই দেখি আহিছো যে পথাৰত হাল বোৱাত সাধাৰণতে গৰু, ম’হ নাইবা ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। কিন্তু আপোনালোকে শুনি আচৰিত হ’ব এইখন অসমত এতিয়া গৰু, ম’হ বা ট্ৰেক্টৰৰ সলনি হাল বোৱাত ব্যৱহাৰ কৰা হয় বিলাসী বাহনো। আচৰিত হলেও কিন্তু এইয়াই সত্য।

বৰ্তমান সময়ত নৱপ্ৰজন্মৰ সপোনৰ বাহন হ’ল Mahindra Thar। যিখন বাহনৰ দাম কমেও ২০ লাখৰ অধিক। সেই থাৰেৰে পথাৰত হাল বাই এতিয়া ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কাছাৰৰ কালাইনৰ এজন যুৱক। যুৱকজনৰ নাম চাকিল আহমেদ। অন্য যুৱকৰ দৰে চাকিলৰো দীৰ্ঘদিনীয়া সপোন আছিল এখন থাৰ ক্ৰয় কৰাৰ। আৰু সপোনৰ বাহনখন ক্ৰয় কৰি প্ৰথমেই খেতিপথাৰত ব্যৱহাৰ কৰিলে চাকিল আহমদে। কিন্তু কিয়? ইয়াৰ আঁৰত আছে এটা বিশেষ কাহিনী ৷

জানিব পৰা মতে, যুৱক জনৰ বন্ধুৰ এখন Thar বাহন আছিল ৷ আৰু বন্ধুৰ Thar বাহনখন তেওঁ এদিন চলাবলৈ বিচাৰোতে বন্ধুৱে তেওঁক চলাবলৈ দিয়া নাছিল ৷ আৰু সেইদিনাই চাকিলে শপত লৈছিল যে চাকিলেও এখন thar বাহন ক্ৰয় কৰিব ৷ আৰু যোৱা শনিবাৰে তেওঁ এখন thar ক্ৰয় কৰে। আৰু বন্ধুৰ ওপৰত জেদ কৰিয়ে চাকিলে প্ৰথমেই বিলাসী বাহন খনেৰে পথাৰত হাল বায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − six =

Back to top button