অসমশিল্পীসাহিত্য

কোনে কোনে লাভ কৰিলে ২০২২বৰ্ষৰ সাহিত্যিক পেঞ্চন!

ঘোষিত হ'ল ২০২২বৰ্ষৰ সাহিত্যিক পেঞ্চন

 

ঘোষিত হ’ল ২০২২বৰ্ষৰ সাহিত্যিক পেঞ্চন। মংগলবাৰে অসম চৰকাৰে ঘোষণা প্ৰকাশ কৰে পেঞ্চন লাভ কৰা সাহিত্যিকসকলৰ তালিকা। অসমৰ মুঠ ২৩গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে এই বঁটা। বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিৰ ৯১ সংখ্যক জন্মদিন উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম চৰকাৰে প্ৰদান কৰিব এই বঁটা। ২০২২বৰ্ষৰ সাহিত্যিক পেঞ্চন লাভ কৰা ২৩গৰাকী সাহিত্যিক হৈছে, কামৰূপ মহানগৰৰ তৰুণ বৰ্মন, শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দেৱপ্ৰসাদ তালুকদাৰ, ডঃ মলয়া খাউণ্ড, ডাঃ জয়ন্ত কুমাৰ গোস্বামী, শিশিৰ সেনগুপ্তা, বাক্সাৰ আনন্দৰাম ঔৱাৰী, কাছাৰৰ অশোক কুমাৰ বাৰ্মা, হোজাইৰ ৰতীশ দাস, শ্ৰুতি কুমাৰ সিং, কাৰ্বি আংলঙৰ ৰত্নেশ্বৰ নাৰ্জাৰী, পৰী ৰংপী, শোণিতপুৰৰ মনোমতী কুৰ্মী, নগাঁৱৰ পৰাণ কুমাৰ বৰুৱা, বিপুল কুমাৰ ভট্টাচাৰ্য, বজালীৰ ডঃ বসন্ত কুমাৰ শৰ্মা, ধীৰেন্দ্ৰ তালুকদাৰ, ডিব্ৰুগড়ৰ ডঃ ভাৰতী দত্ত, গোৱালপাৰাৰ প্ৰকাশ চন্দ্ৰ ৰাভা, গোলাঘাটৰ নিজৰা বৰঠাকুৰ, ৰফিকুল হুছেইন, বিশ্বনাথৰ অচ্যুতানন্দ দেৱগোস্বামী আৰু ধেমাজিৰ ডাঃ বিদ্যেশ্বৰ দলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.