অসমশিল্পীসাহিত্য

আনুষ্ঠানিক শিক্ষাৰ নাই কোনো প্ৰমাণ পত্ৰ, নাই তেওঁৰ কোনো শিক্ষা গুৰু আৰু আজি তেওঁ এজন সফল সাহিত্যিক

গৰুৰখীয়াৰ পৰা সাহিত্যিকলৈ এক বৰ্ণিল যাত্ৰা

কাহানিও স্কুলৰ বাৰান্দা গচকি পোৱা নাই তেওঁ। নাই আনুষ্ঠানিক শিক্ষাৰ কোনো প্ৰমাণ পত্ৰ। নাই তেওঁৰ কোনো শিক্ষা গুৰু। এই সকলোবোৰক আওকাণ কৰি আজি তেওঁ এজন সফল সাহিত্যিক।

 

দৰিদ্ৰতাৰ বাবে মাত্ৰ ৬ বছৰ বয়সত আনৰ ঘৰত গো-ৰখীয়া আৰু ৯ বছৰ বয়সত আৰক্ষী বিষয়াৰ ভাত ৰান্ধনী হিচাপে শৈশৱ অতিবাহিত কৰা সেই গৰাকী লোকেই আজি এগৰাকী লেখক হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা। সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁলৈ আগবঢ়াইছে প্ৰেৰণাশ্ৰী উপাধি ৷ প্ৰবল ইচ্ছা শক্তিৰ বাবে মাটিতে বৰ্ণমালা লিখিবলৈ শিকি জ্ঞানৰ চকু খুলিবলৈ সক্ষম হোৱা এই গৰাকী লোকেই হৈছে প্ৰেৰণাশ্ৰী যতীন কুমাৰ। পঢ়াৰ প্ৰতি তেখেতৰ আছিল প্ৰবল ধাউতি। চক, বজাৰত বেনাৰ প’ষ্টাৰ আদি পঢ়ি শিকিছিল আখৰ। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ তিতকুঁছি গাঁওৰ বাসিন্দা এই গৰাকী যতীন কুমাৰে দহ খনকৈ উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াইছে অনবদ্য অৱদান। শেহতীয়াকৈ যতীন কুমাৰ দ্বাৰা ৰচিত দশম খন উপন্যাস ভাগ্যদেৱীয়ে লাভ কৰিছে পাঠকৰ বিপুল সঁহাৰি।

 

বৰ্তমান বুঢ়া আৰক্ষী চকীৰ সমীপত এখন ক্ষুদ্ৰ চাহ দোকানেৰে জীৱিকা নিৰ্বাহ কৰিছে প্ৰেৰণাশ্ৰী যতীন কুমাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 5 =

Check Also
Close
Back to top button