Socialজীৱনশৈলীভাৰত

শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথম অভিযন্তা-ভাৰতীয় সেনাৰ ভাইচ লেফটেনেণ্ট জেনেৰেল মনোজ চন্দ্ৰশেখৰ পাণ্ডে

পাণ্ডে হৈছে শীৰ্ষ সামৰিক পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী সামৰিক অভিযন্তা

ভাৰতীয় সেনাৰ ভাইচ লেফটেনেণ্ট জেনেৰেল মনোজ চন্দ্ৰশেখৰ পাণ্ডেক সোমবাৰে ভাৰতীয় সেনাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। পাণ্ডে হৈছে শীৰ্ষ সামৰিক পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী সামৰিক অভিযন্তা। বিগত ৩৯ বছৰে ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াইছে পাণ্ডেয়ে।

পাণ্ডেয়ে ২০২২ চনৰ ফেব্ৰুৱাৰীত লেফটেনেণ্ট জেনেৰেল চি পি মোহান্তিৰ পিছত ভাৰতীয় সেনাৰ নতুন উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। এম এম নাৰাভানেৰ পাছত পাণ্ডে হৈছে শীৰ্ষস্থানীয় বিষয়া।

বৰ্তমানৰ জেনেৰেল মনোজ মুকুণ্ড নৰৱণে চলিত মাহৰ ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব। তেখতৰ অৱসৰৰ পাছতেই কাৰ্যভাৰ চম্ভালিব লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই।

পাণ্ডে ২০২২ চনৰ ফেব্ৰুৱাৰীত লেফটেনেন্ট জেনেৰেল চি পি মোহান্তিৰ পিছত ভাৰতীয় সেনাৰ উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৮২ চনৰ ডিচেম্বৰত তেওঁক কোৰ অৱ ইঞ্জিনিয়াৰচত নিযুক্তি দিয়া হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.