অসমসাহিত্য

অসমীয়া সাহিত্য জগতত শোকৰ ছাঁ, সাহিত্য সমালোচক পংকজ ঠাকুৰৰ দেহাৱসান…

প্রয়াত ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ' বিদিশ বাঘজাই’ৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল

অসমৰ সাহিত্য জগতত শোকৰ ছাঁ। দীর্ঘদিন জুৰি নিৰলসভাৱে সাহিত্য সেৱাত ব্রতী বিশিষ্ট সাহিত্য সমালোচক, অনুবাদক, সম্পাদক আৰু সাহিত্য অকাদেমীৰ অনুবাদ বঁটা প্ৰাপক পংকজ ঠাকুৰৰ দেহাৱসান। বৃহস্পতিবাৰে, শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে।

 

প্রয়াত ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ‘ বিদিশ বাঘজাই’ৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল । টাটা ইঞ্জিনিয়াৰিঙকে আদি কৰি একাধিক বহুজাতিক প্রতিষ্ঠানত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা পংকজ ঠাকুৰে গুৱাহাটীৰ চেণ্টিনেল কাকত গোষ্ঠীৰ সৈতে নিবিড়ভাৱে জড়িত আছিল আৰু এই গোষ্ঠীৰ দ্বাৰা প্রকাশিত বহুকেইখন আলোচনীৰো সম্পাদনা কৰিছিল ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.