অসমআঞ্চলিকৰাজনৈতিক

নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ সময়তে কাৰ্বি পাহাৰত উন্নয়নৰ নমুনা…

তুংগত উঠিছে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান, কিন্তু পৰিষদীয় সমষ্টিৰ উন্নয়নৰ নমুনা চাওঁক

কাৰ্বি পাহাৰত বলিছে নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান।

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কলিয়াবৰ মহকুমাৰ সীমান্তৱৰ্তী ১৭ নং চুচেনধেন্টা পৰিষদীয় সমষ্টিৰ উন্নয়নৰ নমুনা দেখি চকু কপালত উঠিব আপোনাৰ।

বিগত ২০ বছৰে ১৭ নং চুচেনধেন্টা পৰিষদীয় সমষ্টি দখল কৰি থকা কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ সমষ্টিত ৰাইজে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ আনিছে।

আজিও বাট-পথৰ সুচনীয় অৱস্থা। নাই পৰ্যাপ্ত স্বাস্থ্য সেৱা সুবিধা । জুপুৰি সদৃশ গৃহত থাকিব ল’গা হৈছে ৰাইজে ইয়াৰ উপৰিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে ৰাইজে।

ভোটৰ সময়ত ৰাইজৰ কাষলৈ আহি উন্নয়নৰ প্ৰতিশ্ৰুতি দি ৰাইজক ঠগি অহা কাছে ৰংপিপিক নিৰ্বাচনত এশিকণী দিবলৈ সাজু চুচেনধেন্টা সমষ্টিৰ ভোটাৰ সকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.