Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

আমেৰিকাৰ নৰ্থ-ইষ্ট এক্রিডিয়েচন কমিছনৰ অন্তৰ্ভুক্ত পাঠশালাৰ শ্ৰীৰাম একাডেমী….

আমেৰিকাৰ নৰ্থ-ইষ্ট এক্রিডিয়েচন কমিছনৰ অন্তৰ্ভুক্ত পাঠশালাৰ শ্ৰীৰাম একাডেমী....

শিক্ষা নগৰী পাঠশালাৰ শ্ৰীৰাম একাডেমীয়ে আমেৰিকাৰ নৰ্থ-ইষ্ট এক্রিডিয়েচন কমিছন চমুকৈ এন ডব্লিউ এ চি শিক্ষা ব’ৰ্ডত অন্তর্ভুক্তি লাভ কৰিছে। আমেৰিকাৰ উক্ত শিক্ষা ব’ৰ্ডৰ অধীনত বিশ্বৰ ৮৫ খন দেশত শিক্ষা ব্যৱস্থা চলি আছে। ইপিনে পাঠশালাৰ শ্ৰীৰাম একাডেমী আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব’ৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ পিছত দুদিনীয়া কাৰ্যসূচীৰে আমেৰিকাৰ পৰা উক্ত শিক্ষা ব’ৰ্ডৰ ড° ৰব আৰু আন দুগৰাকী ভাৰতীয়ই পুনঃ নিৰীক্ষণৰ বাবে পাঠশালাৰ শ্ৰীৰাম একাডেমীত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক শিক্ষা ব্যৱস্থা পৰিচালনা কৰা সন্দৰ্ভত বিশেষ প্রশিক্ষণ প্ৰদান কৰে।

লগতে উক্ত শিক্ষা ব’ৰ্ডৰ বিষয়ববীয়াসকলে শ্ৰীৰাম একাডেমীৰ শ্ৰেণীকোঠা পর্যবেক্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। উল্লেখ্য যে পাঠশালা শ্ৰীৰাম একাডেমী উক্ত আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব’ৰ্ডৰ অন্তৰ্ভুক্ত হোৱাত শিক্ষানুষ্ঠানখনৰ ছাত্র-ছাত্রীসকলে আগ্রহ প্রকাশ কৰিলে আমেৰিকাত উক্ত শিক্ষা ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।

পাঠশালা শ্ৰীৰাম একাডেমীৰ পৰিচালন সঞ্চালক দুলাল তালুকদাৰে আজি ‘অসমীয়া প্ৰতিদিন’ক জনোৱামর্মে শ্ৰীৰাম একাডেমীৰ ৬ খন শিক্ষানুষ্ঠান আৰু এখন মহাবিদ্যালয় ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে আৰু 2028 চনত নলবাৰী জিলাৰ টিহু আৰু বৰপেটা।

জিলাৰ বৰপেটাৰোডতো স্থাপন কৰা হ’ব। শ্ৰীৰাম একাডেমীত শেহতীয়াকৈ প্রায় তিনিশ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে সংস্থাপন লাভ কৰিছে আৰু অনাগত সময়ত উক্ত শিক্ষা প্রতিষ্ঠানত ছয় শতাধিক কর্ম সংস্থাপন দিয়াৰ লক্ষ্য স্থিৰ কৰিছে শ্ৰীৰাম একাডেমীৰ পৰিচালন সঞ্চালক দুলাল তালুকদাৰে। ইপিনে শ্ৰীৰাম একাডেমীয়ে আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব’ৰ্ডৰ পৰা স্বীকৃতি লাভ কৰাক লৈ পাঠশালাৰ শৈক্ষিক মহলে শ্ৰীৰাম একাডেমী কর্তৃপক্ষক শুভেচ্ছা জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.