অসম

বোকাজানত অঘটন, হাতীয়ে চুলিত ধৰি চোঁচৰালে মহিলাক…

উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত বোকাজানৰ ৰমেশ ওৰাং নামৰ লোকজনৰ বাৰীত কঁঠাল খাই আছিল বনৰীয়া হাতীয়ে। হাতী দেখি কুকুৰে ভোকাত বাহিৰলৈ ওলাই আহে ৰমেশ ওৰাঙৰ পত্নী মামণি ওৰাং আৰু তিনিবছৰীয়া কন্যা বৰষা ওৰাং।

বোকাজানত পুনৰ হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীয়ে চকুৰ টোপনি কাঢ়িছে বোকাজানবাসীৰ। সোমবাৰে পুৱাই বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।

 

উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত বোকাজানৰ ৰমেশ ওৰাং নামৰ লোকজনৰ বাৰীত কঁঠাল খাই আছিল বনৰীয়া হাতীয়ে। হাতী দেখি কুকুৰে ভোকাত বাহিৰলৈ ওলাই আহে ৰমেশ ওৰাঙৰ পত্নী মামণি ওৰাং আৰু তিনিবছৰীয়া কন্যা বৰষা ওৰাং। কিন্তু দুৰ্ভাগ্যবশতঃ মামণি ওৰাঙৰ চুলিত ধৰি আজুৰি নিয়ে হাতীটোৱে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকী আৰু কন্যা সন্তানগৰাকীক ততাতৈয়াকৈ বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মহিলাগৰাকীক। আনহাতে, তিনি বছৰীয়া কণমানিজনীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় ডিমাপুৰলৈ।

 

এই ঘটনাৰ পিছতেই স্থানীয় লোকে বন বিভাগৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ উজাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.