Covid-19Socialঅসমজন্তুপৰিৱেশপৰ্যটনবন্যপ্ৰাণীভ্ৰমণমনোৰঞ্জনস্বাস্থ্য

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ইতিমধ্যে মানস ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰা হৈছে

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

     বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা আজি বন মন্ত্ৰীয়ে পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিলে। অৱশ্যে এতিয়াও ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণ ৰূপে পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই। মাত্ৰ তিনিটা ৰেঞ্জ হে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। পৰ্যটকসকলে বৰ্তমান উদ্যানখনত জিপ চাফাৰিহে কৰিব পাৰা যাব।

     ৰাষ্ট্ৰীয় উদ্যানখন মুকলি অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষ।

    আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানখন ইতিমধ্যে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.