অসমমেঘালয়ৰাষ্ট্ৰীয় সুৰক্ষা

অসম-মেঘালয় সীমান্তৰ উত্তেজনাক কেন্দ্ৰ কৰি সীমান্তৰ উপআৰক্ষী থানা উঠাই নিয়াৰ আলোচনা

শংকিত সাধাৰণ নাগৰিক

অসম-মেঘালয় সীমান্তৰ উমলাফেৰত  উত্তেজনা।

অসম-মেঘালয় সীমান্তত উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে অসম আৰক্ষী তথা পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে অভিযোগ তুলিছে স্হানীয় নাগৰিকে|

সোমবাৰে অসম-মেঘালয় সীমান্তৰ উমলাফেৰত একাংশ খাচীয়ালোকে অসম সীমান্তৰ বেটেলিয়ানৰ গেট আৰু বেৰিকেট ভাঙি-চিঙি লণ্ডভণ্ড কৰে। লগতে বেটেলিয়ান জোৱানকো আক্ৰমণ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া উত্তেজনাই বিৰাজ কৰিছে।

সীমান্তৰ ৰাইজে প্ৰকাশ কৰা অনুসৰি ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হোৱাৰ পিছতেই পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত সীমান্তৰ উপআৰক্ষী থানা উঠাই নিয়াৰ আলোচনা বিলোচনা কৰি থকা হৈছে। ইয়াৰ পাছতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।

অৱশ্যে এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে জিলা পৰিষদৰো দৃষ্টিগোচৰ কৰে সীমান্তবাসীয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.