অপৰাধঅসম

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

নগাঁও আৰক্ষীৰ গুলীত পুনৰ আহত ড্ৰাগছ ব্যৱসায়ী। জব্দ মৰণাস্ত্ৰ।

নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়ত দেওবাৰে মাজনিশা নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ গুলীত আহত হয় এজন ড্ৰাগছ ব্যৱসায়ী।

দেওবাৰে মাজনিশা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় জুৰীয়া বজাৰৰ সমীপৰ জাইতুল কবিৰৰ বাসগৃহত। আৰক্ষীৰ অভিযানৰ সময়ত বিভিন্ন অপৰাধৰ সৈতে জড়িত অভিযুক্ত জাইতুল কবিৰে আৰক্ষীক গুলীয়াবলৈ চেষ্টা কৰে। লগে লগে আৰক্ষীৰ দলটোৱেও গুলীচালনা কৰে ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি।

আৰক্ষীৰ গুলীত আহত হৈ পৰা ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰক আটক কৰাৰ লগতে মৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। আহত ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰক আৰক্ষীৰ জিম্মাত ভৰ্তি কৰা হয় চিকিৎসালয়ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.