leatest updateঅসমদৈনিক বাতৰি

৮টা দিনে ক’ত লুকাই আছিল বিমান ৰয়? কোনে ৰক্ষণাবেক্ষণ দিছিল বিমানক?

SP সুধাকৰ সিঙৰ নেতৃত্বত বিমান ৰয়ক মাৰাথান জেৰা...

বিমান ৰয়ৰ সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। যোৱা ৮টা দিনে ক’ত লুকাই আছিল বিমান ৰয়? কোনে ৰক্ষণাবেক্ষণ দিছিল বিমান ৰয়ক? অসুস্থ অৱস্থাত কেনেকৈ আহিছিল পানীখাইতি ষ্টেচনলৈ?

উল্লেখ্য় যে, বুধবাৰে নিশা পানী বিচাৰি ৰে’ল কৰ্মচাৰীক চিঞৰি মাতিছিল বিমানে। ৰে’ল কৰ্মচাৰীক বিহপান কৰাৰ কথাও উল্লেখ কৰিছিল বিমানে। ইয়াৰ পিছত লগে লগে ৰে’লৱে কৰ্মীয়ে খবৰ দিয়ে GRPক। ১০৮ এম্বুলেঞ্চেৰে পুৱা ৫ বজাত GMCHলৈ অনা হয় বিমানক। খাদ্যত বিষক্ৰিয়াৰ কথা জনাইছিল GMCH কৰ্তৃপক্ষই। বিমানৰ লগত নাছিল কোনো পৰিচয় পত্ৰ, ম’বাইল। গ্ৰেপ্তাৰৰ ভয়ত আত্মহত্যাৰ অপচেষ্টা চলাইছিল নেকি বিমানে? নে ৰে’ল ষ্টেচনলৈ ওলাই আহি আত্মসমৰ্পণ কৰিলে বিমানে?

বৰ্তমান নলবাৰী সদৰ থানাত বিমান ৰয়ক কৰা হৈছে মাৰাথান জেৰা। SP সুধাকৰ সিঙৰ নেতৃত্বত চলোৱা হৈছে জেৰা। জেৰাত আৰক্ষীক সহযোগ কৰিছে বিমানে। বিমানৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু। POCSO আদালততো আছে বিমানৰ বিৰুদ্ধে গোচৰ। স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰা হয় বিমান ৰয়ক। অৱশেষত বিমান ৰয়ক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.